পুৰুষ: পদ্মাৰ ধুমুহাই উৰুৱাই নিলে
হে’ আমাৰ সোণৰ ঘৰে-বাৰী
এ’ উজনি পানীতে সাঁতুৰি পালোঁহি
বৰলুইতৰ চাপৰি ৷
আকৌ বান্ধিম ঘৰ, আকৌ গামেই গীত
আপোন হাতে অসম গঢ়িম শাঁত পৰিব চিত ,
আকৌ বান্ধিম ঘৰ, আকৌ গামেই গীত
আপোন হাতে অসম গঢ়িম শাঁত পৰিব চিত ৷
নাৰী: মনৰে বননিত সমনীয়া চেনেহৰৰ নিজৰাত
চেনেহৰে নিজৰাত
হে’ পানীকেহে এটুপি পিওঁ
পোৰাকৈ ভেটিতে অ’ চেনাই তুমিয়ে ঘৰে বান্ধা
তুমিয়ে ঘৰে বান্ধা
হে’ আমি তমাল তুলায়ে দিওঁ ৷
পুৰুষ: ভাষা নুবুজিও যুগে যুগে আহে
হে ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকীয়া
হে বুজিব খুজিলেই চিনে ৷
-
নাৰী: পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চিৰা-দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব
দুয়ো: নৈ পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চুৰা-দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ
পুৰুষ: তুমিয়ে ময়ে দেশখন গঢ়োঁতে
হে’ যদিহে কেঁচা ঘাম সৰে
দুয়োৰে ঘামৰে মিলনে দেখিবা
হে বুৰঞ্জী ৰচনা কৰে ৷
-
নাৰী : গঙ্গা পদ্দা কৃষ্ণা গোদাবৰী
ব্রহ্মপুত্র কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলে’ যায়
ৰঙতে বাগৰি বাগৰি ৷
-
পুৰুষ: গঙ্গা পদ্দা কৃষ্ণা সোৱণশিৰী
ব্রহ্মপুত্র কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলে’ যায়
ৰঙতে বাগৰি বাগৰি
ৰঙতে বাগৰি বাগৰি ৷
-
নাৰী: পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চুৰা-দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ
দুয়ো: নৈ
পীৰিতি পীৰিতি
পীৰিতি
পীৰিতি মিঠা চুৰা-দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ
নৈ পীৰিতি পীৰিতি ...
(কথাছবি: পলাশৰ ৰং, ১৯৭৬ চন)
(ভূপেন হাজৰিকাদেৱ আৰু ঊষা মংগেশকাৰৰ কন্ঠেৰে নিগৰিত গীত)
(ভূপেন হাজৰিকাদেৱ আৰু ঊষা মংগেশকাৰৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment