অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শেষ কথা ( অসমীয়া জাতিটোৱে অসমীয়া ক’বলৈ)


অসমীয়া জাতিটোৱে অসমীয়া কবলৈ
কাকনো কৰিছে বলাৎকাৰ !
হেৰ !
অসমীয়া ভাষাটিৰ অসমতে নাই জানো
যোগ্যতা পোৱাৰ অধিকাৰ ?
সমগ্র ভাৰতৰ ভাষা দুৰ্নীতিবান,
কুচক্রী যত কুলাঙ্গাৰ !
(হেৰ) অসম দেশখন তহঁতৰ জানো
পৈতৃক পৰীক্ষাগাৰ ?
আৰু যদি কোনোবাই উচ্চাত্মিকা মন লৈ
অসমীক জোকায় এবাৰ,
লক্ষ লক্ষ নৱ ডেকা কলিজাৰ ৷
কাৰো প্রতি বিদ্বেষ, কৰো ভাষা অৱহেলা
লক্ষ্য নহয় আমাৰ ৷
এই গীত নুবুজিলে শত গীত লিখি যাম
জগাই লুইতৰে পাৰ ৷
জোনাকী যুগৰে পৰা সংগ্রাম কৰিও
চিন নাই ভাগৰি পৰাৰ
আজিৰ অসমীয়াৰ অগনি চৰিছে গাত
দীক্ষাৰে নৱ বাৰতাৰ ৷
আজিৰ অসমীয়াই নৱ ৰূপ ধৰি ললে
আগ্নেয় মহা জনতাৰ
দুৰ্জ্জেয় নৱ চেতনাৰ
আগ্নেয় মহা জনতাৰ ৷

(ভাষা আন্দোলনৰ সময়ত লিখা, আঠ নৱেম্বৰ,১৯৭২ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: