অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কিনো পখীয়ে পুৱতি গালে


কিনো পখীয়ে পুৱতি গালে
নিচিনিলোঁ তাৰ মাত ..
নিচিনিলোঁ তাৰ.. মাত ..
নিশা হল পৰভাত
নিশা হল পৰভাত ৷

সাৰ পাই উঠি
খিৰিকি মেলি ..
চালোঁ বাহিৰখন ..,
সাৰ পাই উঠি
খিৰিকি মেলি ..
চালোঁ বাহিৰখন ..
কি সুন্দৰ ধৱলি বৰণ
কি সুন্দৰ ধৱলি বৰণ
চমকি উঠিলে মন ..
চমকি উঠিলে মন ৷

নেজানো আজি
কোন দেৱতাই
আনিলে এই শুভ দিন
নেজানো আজি
কোন দেৱতাই
আনিলে এই শুভ দিন
দেহৰ মনৰ
এলাহ জড়তা
দেহৰ মনৰ
এলাহ জড়তা
সকলো হল বিলিন !
সকলো হল বিলিন !
কিনো পখীয়ে পুৱতি গালে
নিচিনিলোঁ তাৰ মাত ..
নিচিনিলোঁ তাৰ.. মাত ..
নিশা হল পৰভাত
নিশা হল পৰভাত ৷৷

(পৰভাত = প্রভাত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: