অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আমি নহওঁ মাথোঁ


আমি নহওঁ মাথোঁ ক্রন্দৰত
গঢ়িম শক্তি সন্মিলিত
মানুহে মানুহে মিলি
মহা অজগৰৰূপী
মহাবান্ধ সাজি সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম ৷

পাগলী পাগলী
দেওধনীজনীৰ
উলঙ্গ নৃত্যক সভ্য কৰিম
বিজ্ঞানেৰে দুৰ্ব্বাৰ গতিক
শক্তিত পৰিণত কৰি
আমিয়েই মানুহৰ
কল্যাণ ধৰালে আনিম ৷

মানুহে মানুহে মিলি
মহাঅজগৰৰূপী
মহাবান্ধ সাজি সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম ৷
মানুহৰ কল্যাণ
ধৰালে আনিম ৷
উত্তৰে পানী
দক্ষিণে পানী
পূবে পানী
পশ্চিমে পানী ৷

(গুৱাহাটী: ১৬ জুন, ১৯৯০ চন)

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: