অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পাহাৰ – ভৈয়ামৰ সঙ্গম থলীতে


পাহাৰ ভৈয়ামৰ সঙ্গম থলীতে
বন্ধু জন মোৰ আছিলে এদিন
পাহাৰ ভৈয়ামৰ সঙ্গম থলীতে
বন্ধু জন মোৰ আছিলে এদিন
দালিৰে ভৰা সেই সোণালী সুদিন  !
একেলগে একেলগে খেলা পুৱা-গধূলি বেলা
সেই শান্ত পাহাৰ.. সেই ধ্বনি নিজৰাৰ
একেলগে বজালোঁ যে বীন
সোণ সৰি পৰা সেই সোণালী সুদিন
দালিৰে ভৰা সেই সোণালী সুদিন !

ওখ ওখ শালবনৰ .. ছায়াৰ দেশত
মেঘ আৰু কুঁৱলীৰ কোমল খেলাৰ মায়াৰ দেশত,
গোন্ধ বাৰুদৰ কত নিহত জনৰ !
গোন্ধ বাৰুদৰ কত নিহত জনৰ !
কেঁচা তেজেৰে দেখোঁ পৃথিৱী ৰঙীন
কেনিবা হায় উৰি গ সোণালী সুদিন  ...!

পাহাৰ আৰু লুইতৰে .. আকাশ তলিত
তুমি বজোৱা চিফুং বাঁহীৰ .. প্রতিধ্বনিত !
তুমি আৰু মই .. সমভাগী হৈ
তুমি আৰু মই .. সমভাগী হৈ
পুনৰ আনো আহাঁ সোণালী সুদিন
দালিৰে ভৰা সেই সোণালী সুদিন..  !
পাহাৰ ভৈয়ামৰ সঙ্গম থলীতে
বন্ধু জন মোৰ আছিলে এদিন
দালিৰে ভৰা সেই সোণালী সুদিন  !
সোণ সৰা সেই সোণালী সুদিন
দালিৰে ভৰা সেই সোণালী সুদিন  !
সোণ সৰা সেই  সোণালী সুদিন !!

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(১৯৮৯ চন)

No comments: