অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

যুগ যুগ ধৰি


যুগ যুগ ধৰি এচাম লোকে
শোষন কিমাননো কৰিব ?
নতুন সুৰ্য্যক কলা ডাৱৰে
সিহঁতে বুধিৰে মুখা পিন্ধি
ভুৱানো কিমান দিব ?
সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ
প্রতিজ্ঞা কোনেনো কৰিব ?
তুমি ! তুমি ! তুমি !!!

সমাজৰ মুষ্টিমেয় শোষকে
বনুৱাক সদায় ঠগিব খোজে
আলাসৰ লাড়ু বহি খোৱাহঁতে
(যদি) শ্রমৰ মৰ্য্যাদা নুবুজে
তেনে নিৰ্ভীক প্রতিবাদ কৰিবনো কোনে
তুমি ! তুমি ! তুমি !!!

কিয় একেখন সমাজৰ দুটি ঘৰ
এটিত এন্ধাৰ আৰু এটিত পোহৰ
এটিত খাদ্য থাকে পাহাৰ সমান
(আৰু) আনটিত ভোকৰ চিঞৰ ,
এই অসাম্য দূৰ কৰিবনো কোনে ?
তুমি ! তুমি ! তুমি !!!

ছন পৰা মনবোৰ চহাই লৈ
শ্রমৰ ফলখিনি সমভাগে লৈ
বহুতৰ মৃত্যুত গৰ্জ্জি উঠা
নতুনৰ অঙ্ক সাবটি লৈ
আজি সাম্যৰ পৃথিৱী গঢ়িবনো কোনে ?
তুমি ! তুমি ! তুমি !!!

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: