ফেঁচায়ে কৰিলে ছিঁউ, মোৰ
দেউতা
ফেঁচায়ে কৰিলে ছিঁউ ৷
মণিৰাম দেৱানক ফাঁচী দি
মাৰিলে
আকাশে উৰি গ’ল জিউ ৷৷
মণিৰামক মাৰিলে আঁৰ কাপোৰ
তৰিলে
ওপৰে বগালে চিলা
মণিৰামৰ কামে কাজ কৰিব
লাগিলে
আজি হাতে হাতে মিলা ৷৷
এ চান্দও লৰিছে, সূৰুযও
লৰিছে
লৰিল বসুমতী আই ৷
এ বাৰপাল বনুৱাই খেদিব
লাগিছে
মণিৰামৰ কিনো বিলাই ?
আজি কি বাৰে গুৰু বৃহস্পতি
কালি কি বাৰে শুকুৰ ৷
মণিৰাম দেৱানৰ অমঙ্গল
মিলিল ঐ
চালতে বগালে কুকুৰ ৷৷
হে ৰৈনো ৰৈ কান্দিলে
বৃন্দাবনী গাভৰু
তামৰ ঘৰৰ মুধলৈ চায় ৷
তামৰ ঘৰত আছে দেও স্বামী নাইকীয়া
কোনে নিলে মণিৰামৰ পায় ?
এ চম্পাৱতী আইদেউৰ সেন্দুৰ
মচে খালে
ঘনে সোঁহাত লৰে ৷
কাউৰীয়ে ৰমলিয়াই ফেঁচাই
কুৰুলিয়াই
সপোনত আগ দাঁত লৰে ৷৷
(কথাছবি: মণিৰাম দেৱাল ,
১৯৬৩ চন)
(ভূপেন
হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment