ককায়েক : ভণ্টি অ’ ভণ্টি ডেকা এজন পালোঁ
তোৰ কাৰণে চালোঁ
কইনা সজাই উলিয়াই তোক
দিম বুলি ভাবিলোঁ
তই বা কি কৱ ভনী, তই কিনো কৱ ?
ভনী : বিয়া
ককায়েক : অ বিয়া
কচোন কি কৱ ?
ভনী : (নিমাত)
ককায়েক: তই নেমাত কিয় ভণ্টি ?
মুখ ঘূৰালি কিয়
লাজত ৰঙাপৰি ভণ্টী জঠৰ হলি কিয় ?
ভনী : অ ককাইদেউ, মোৰ স্নেহৰ ককাউদেউ
কিনো জগৰ লগালোঁ মই ঘৰৰ পৰা খেদিছ ৷
যৌৱন কালেই কাল হ’লক্ষমোক বোজা বুলি ভাবিছ
ককায়েক: নহয় ভণ্টি, পাগলী তই .. মহা আঁকৰী
নাৰী হ’লেই লাগে ভণ্টি এজন জীৱন লগৰী
ভনী : চিনা নহয় জনা নহয় কোন ডেকাক বা চালি
বিয়া দিয়াৰ আগতে তই মোকতো নুসুধিলি
ককায়েক:এৰা ভণ্টি , মোৰ দোষ ক্ষেমিবি এইবাৰ
হয়তো তই মন পাইছ অন্য কাৰোবাৰ
নতুবা কিবা পাঙি থৈছ ক কথাষাৰ
ভনী : স্নেহৰ ককাইদেউ , কওঁ , সুধিছ যেতিয়া
জাগীৰোডৰ ল’ৰা এজন বে ধুনীয়া
চিলিক মিলত মেকানিকৰ চাকৰি কৰিছে
যোৱা বছৰ বাছত আমাৰ চিনাজনা হৈছে
আৰু নকওঁ যা, তই ভাবি চা
ককায়েক:হেঁ ? জাগীৰোডৰ ? জাগীৰোডৰ তেওঁ
ভয় নাখাবি,নামটো কচোন
পিতাইক নকওঁ ৷
পিতাইক নকওঁ ৷
ভনী : শুন তেনে নাম তাওঁৰ হেমন্ত শইকীয়া
মনে প্রাণে পণ কৰিছোঁ
তেওঁকে সপিম হিয়া
মনে প্রাণে পণ কৰিছোঁ
তেওঁকে সপিম হিয়া
ককায়েক: কি ভণ্টি কি কলি ? হেমন্ত শইকীয়া
বিধিৰ লিখন বিচিত্র ,
সেই শইকীয়াক চালোঁ
সেই শইকীয়াক চালোঁ
ভনী :মোৰ স্নেহৰ ককাইদেউটো
তোৰ গুণকে গাই থাকিম ওৰে জীৱনটো
যুগ যুগৰ সাধনাতহে এনে ককাই পায়
যি ভনীৰ কথাবোৰক মৰমেৰে চায়
ককায়েক :(তেন্তে) বিয়াখন পাতোঁ ভণ্টি,
মোৰ আশিষ লবি
(পিছে) শোকে খুন্দা মাৰিছে
তই পতি গৃহে যাবি
তই পতি গৃহে যাবি
কাহানিবা আমি যদি কিবা দোষ কৰিছোঁ
নিজ গুণে পাহৰিবি, ক্ষমাহে মাগিছোঁ ৷
( কলকাতা, ১৯৬৯, এই গীতটো ভনীয়েক কবিতাৰ অনুৰোধত ভূপেন হাজৰিকাদেৱে কবিতাৰ
বিয়াৰ সময়ত ৰচা)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment