ৰুদ্ধ কাৰাৰ
দুৱাৰ ভাঙি
য’ত জ্যোতিয়ে নিতৌ নাচে
তাত কন্ঠেৰে মোৰ
দিম অঞ্জলি
সুৰে মোৰ সাজোন
কাচে ৷
জীৰ্ণ সমাজৰ
বন্ধনে মোক
বিষাক্ত বাস্পহে
যাচে
প্রাচীৰ ভঙা
দুৰ্ব্বাৰ গতিয়ে
পূৰ্ণ মনৱতা
যাচে ৷
মুক্ত বায়ু মোৰ
প্রাপ্য
য’ত সামুহিক জীৱনৰ উৎস আছে
পৰাজয় নিৰাষাৰ
সমাধি ভাটিত
আশাই কবিতা ৰচে
৷
(গুৱাহাটী, ১৯৫৩)
(ভূপেন হাজৰিকাদেৱৰ
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment