কথা:- পাৰ্বতী প্রসাদৰ ভাষা জাতে-পাতে ঘৰুৱা , তেখেতৰ গীতৰ ৰচনাত গাঁও –ভুই, হাবি-বন, পথাৰ-সমাৰৰ চিনকী ছবিখন সহজেই জিলিকি উঠে
৷ কেঁচা মাটি সুগন্ধ মলমলায় গৰখিয়াৰ মিঠা বাঁহী তেওঁৰ কাষত
অমৰ হয় ৷
গীত:-
গৰখীয়া হেৰৌ
গৰখীয়া
কি সুৰ বজালি..
কি সুৰ বজালি
দুপৰীয়া
গৰখীয়া হেৰৌ
গৰখীয়া
কি সুৰ বজালি..
কি সুৰ বজালি
দুপৰীয়া ৷
পথাৰৰ মাজতে
আহতৰ তলতে
ম’হৰ শিংৰ পেপাটি বাই ৷
পথাৰৰ মাজতে
আহতৰ তলতে
ম’হৰ শিংৰ পেপাটি বাই ৷
দুপৰত আকাশত
কি সুৰ মেলিলি
জগত নিজন কৰি
যায় গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি
দুপৰীয়া ৷
আঁহতৰ পাততে লাগিছে সুৰ
বতাহ বলিছে
জুঁৰ জুঁৰ জুঁৰ ,
আঁহতৰ পাততে লাগিছে সুৰ
বতাহ বলিছে
জুঁৰ জুঁৰ জুঁৰ
৷
সুৰৰ ধ্বনি শুনি
কলিজাত কপনি
ৰঙত ঘনে ঘনে
লাগে ৷
সুৰৰ ধ্বনি শুনি
কলিজাত কপনি
ৰঙত ঘনে ঘনে
লাগে ৷
কোনোবা কাহানিত
লৰালিৰ কাহিনী
মনত মনে মনে
জাগে গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি
দুপৰীয়া ,
গৰখীয়া হেৰৌ
গৰখীয়া
কি সুৰ কি সুৰ
বজালি দুপৰীয়া
৷৷
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment