অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ঘৰ আমাৰ মাটি হয়


(ঘৰ আমাৰ মাটি হয়
মাটিয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ) - ২
-
এটি মিঠা জীৱন
এটি জীৱিকাৰ বাট
ৰাজপথে  এৰা বাটে
এষাৰি মৰমী মাত ..
বিচাৰোঁতে দিন যায়-২
কৰি দাম দৰ ৷
ঘৰ আমাৰ মাটি হয়
মাটিয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ 
-
চোৰাং কলা বজাৰতে
বহু কলা ধন পাবা,
এন্ধাৰ এন্ধাৰ গুদামতে
কুবেৰৰো ধান পাবা
(তেনে পাপী কুবেৰৰ
নহও আমি অনুচৰ) - ২
খাটি খাটি নিকা অৰ্জ্জা
দুটি শুদা নিকা ভাত
এযোৰ মাথোন কাপোৰ
থাকে যদি এই গাত
তেতিয়াই পাওঁ দেখোন
প্রেৰণা মনৰ ৷
(ঘৰ আমাৰ মাটি হয়
মাটিয়েই
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ) - ২. ।।

(কথাছবি: চিকমিক্ বিজুলী , মুকেশৰ কন্ঠেৰে নিগৰিত , ১৯৬৯)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: