অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শ্বহীদ প্রণামো তোমাক


কথা: এটা জাতিক জীয়াই ৰখাৰ সংগ্রামত যিসকলে তেজেৰে ইতিহাস লিখিলে , তেওঁলোকলৈ মোৰ সশ্রদ্ধ প্রণাম .. শ্বহীদ প্রণামো তোমাক

গীত:-
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক

লুইতৰ পাৰৰে
তুমি ডেকা লৰা
তুমিয়েতো বুকু পাতি দিলাঁ..
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক ৷

বিংশ শতিকাৰ অষ্টম দশকৰ
নতুন পুৰুষ অগণন
জাতিৰ স্বকীয়তা ৰাখিবলে
অহিংসাৰে কৰা ৰণ
তুমিয়েতো দানৱীয় শক্তিক কিছু
যুক্তিমৰ্ম্ম শিকালাঁ
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক ৷

তুমি শ্বহীদ হলা
তুমি সূৰ্য্য হলা
যি অসমলে প্রভাত আনিব
তুমি শ্বহীদ হলা
তুমি ধুমুহা হলা
যি বৰদৈচিলা হৈ ৰ
তুমি অনাগত সংগ্রামী সৈন্যৰ
আঁচনিৰ অস্ত্র হলা
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক ৷

প্রতি মাতৃৰ
প্রতি ভগিনীৰ
প্রতি পিতৃৰে গৌৰৱ
ন্যায়ৰ গাণ্ডীৱধাৰী অৰ্জ্জুন
পলাতক যত কৌৰৱ
লুইতৰ বহমান পানীক তেজেৰে
অধিক বলীয়ান কৰিলা
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক

সৌভাগ্য আমাৰ
আমাৰ জীৱনত
তুমিয়ে জনম লভিলাঁ
দুৰ্ভাগ্য আমাৰ
আমাক জীয়াবলে
অকালতে মৃত্যু বৰিলাঁ
বিশ্বগতিৰ চক্রক লৰিও
মাতৃক আগুৰিলা
ভাৰতীৰ নমুলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক ৷

শ্বহীদৰ ত্যাগ আৰু ৰঙা ৰক্তক
যেয়ে দিব খোজে অপবাদ
আগ্নেয় মন্ত্র উচ্চাৰি তাৰ
দেশে দিব নিতে প্রতিবাদ
ব কুসুম কোমল চিত্তলোকত
মানৱ-তন্ত্র থাপিলা
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক
শ্বহীদ প্রণামো তোমাক...
শ্বহীদ প্রণামো তোমা....ক   ৷৷

(২০ ডিচেম্বৰ, ১৯৮৪ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: