অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সোনৰ কাঠিৰ পৰশ পোৱা


সোনৰ কাঠিৰ পৰশ পোৱা
আলফুলীয়া হাতেৰে
কোনেনো ধূলিক সাবটি লয় ?
একেটি ঘৰৰ দুটি মানুহ
দুটি জীৱনৰ কথা শুনা ৷

এজুপি লতাৰ দুটি কলি
এটি যে নিয়ৰত থাকে উমলি
আনটিয়ে নিয়ৰৰ টোপাল নাপাই
মাথোঁ খায় হাবাথুৰি ৷

এটি জীৱনত নিতৌ হৰষ
কোনোবাই সানি দিয়ে সোণৰ পৰশ
আনটিৰ জীৱনৰ আজিৰ সমল
মাথোঁ দুখৰে দিন গণা ৷

এটি জীৱনৰ চকৰি ঘূৰে
(তাত) চিক্ মিক্ জেউতিৰ ৰহণ চৰে
আনটিৰ আশা ধুলিত বাগৰে
নাই তাত পোহৰৰ এটিও কণা ৷৷

এটিয়ে সৰগক হাততে পায়
সৰগৰ সোৱাদে নিতে আমুৱায়
আনি দিব ওভোতাই কোনে বা আজি
আনটিৰ জীৱনে হেৰুৱা হাঁহি
সুন্দৰ সৰগৰ মধুকণা ৷

(কথাছবি: ধুমুহা, ১৯৫৭ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: