সমস্বৰে: আলফুলীয়া কুমলীয়া
আলফুলীয়া কুমলীয়া
চেনেহৰ অকণি বীৰ
আলফুলীয়া কুমলীয়া
চেনেহৰ অকণি বীৰ
ভূ:হা: তোমাৰ দেশৰ বীৰ লাচিতে
নাৰী: তোমাৰ দেশৰ বীৰ লাচিতে
শতৰু কৰি ছিৰাছিৰ
ভূ:হা: সুজলা সুফলা পূৰ্ব ভাৰতীৰ
উজলাই ৰাখিলে শিৰ !
অ’ মোৰ চেনেহৰ অকণি অকণি
বীৰ
সমস্বৰে: আলফুলীয়া কুমলীয়া
নাৰী: আলফুলীয়া কুমলীয়া
সমস্বৰে: চেনেহৰ অকণি বীৰ
ভূ:হা: ভাৰতে পূজিলে সৰু শঙ্কৰৰ
নাৰী: ভাৰতে পূজিলে শিশু শঙ্কৰৰ
সমস্বৰে: কোমল কবিতা লিখনীৰ
ভূ:হা: তুমিও ৰচিবা এটি দুটি আখৰেৰে
নাৰী: তুমিও ৰচিবা এটি দুটি বৰ্ণেৰে
সমস্বৰে: সৰু ভাব অকণি মনৰ ..
আলফুলীয়া কুমলীয়া
নাৰী: আলফুলীয়া কুমলীয়া
সমস্বৰে: চেনেহৰ অকণি বীৰ
ভূ:হা:
পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
সমস্বৰে: পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
উজলাই তোলা ধৰণী
ভূ:হা: তুমি ৰুদ্রমূৰ্ত্তি ধৰি নাশিব লাগিব
ৰুদ্রমূৰ্ত্তি ধৰি নাশিব লাগিব
অবিচাৰ শোষনকাৰীৰ !
সমস্বৰে: অবিচাৰ শোষনকাৰীৰ !
অ’ মোৰ চেনেহৰ অকণি অকণি বীৰ
আলফুলীয়া কুমলীয়া
আলফুলীয়া কুমলীয়া
চেনেহৰ অকণি বীৰ
আলফুলীয়া কুমলীয়া
চেনেহৰ অকণি বীৰ ৷৷
(গুৱাহাটী: ১৯৪৮ চন)
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত
গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment