দৰিকা দিচাঙে
পানী বাঢ়ি গ’ল
মই বৰ এজনী হ’লো
তোৰে সতে
সাঁতুৰি থাকোতে
বাইদেউৰ শপনি
খালোঁ ৷
মনত আছেনে ঐ
বোলোঁ
মনত আছেনে ?
ৰাতৰে ৰাতিটো
দেখিছিলোঁ
মনতে পাতি তোক
দৰা
কুকুৰা- ডাকতে
তোকে যে ক’লোগৈ
সপোনটো
প্রথমৰপৰা ৷
মনত পৰিছেনে ?
অ’ বোলোঁমনত আছেনে ?
থুৰিয়াই থুৰিয়াই
তামোল কাটিছিলোঁ
মাজত ভৰাইছিলোঁ
লং
তোলৈ যামে বুলি
কাপোৰ ধুই দিছিলোঁ
মনত লগাইছিলোঁ
ৰং ৷
গাঁোখন এৰি ক’লইনো গ’লিগৈ
সমিধান পাবলৈ
নাই
এইবাৰ বিহুতে
তোকেযে নেপালে
মৰিমগৈ বৰবিহ
খাই ৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(কলকাতা: ফেব্রুৱাৰী, ১৯৮২ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment