অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আতঙ্কবাদ হুঁচিয়াৰ


আতঙ্ক ঘোৰ আতঙ্ক
আতঙ্কবাদ হুঁচিয়াৰ
সূৰ্য্যালোকত উজলিছে
শান্তি সমাহাৰ ৷৷

অজস্র জীৱন হল যে নিধন
ত বোৱাৰীয়ে হেৰুৱালে স্বজন ৷
যুগ যুগ ধৰি আমি আক্রান্ত
তথাপি নহওঁ আমি ৰণক্লান্ত ৷৷

আমি জানো, সেই আপশক্তিক
তোমাক যোগায় যি গোপনে সহায়
শত কো্টি দৃঢ় ভাৰতীয়ই
তোমাক কৰিব অসহায় ৷৷

আত্মহত্যা অপমৃত্যু আত্মগাতী উদ্দেশ্য
আনৰ মৃত্যু, আনি নিষ্ঠুৰভাৱে
কৰিছাঁ অট্টহাস্য ৷৷

সত্যম শিৱম সুন্দৰম্
বসুধৈৱ কুটুম্বকম্
আমাৰ ভাৰতীয় মন্ত্র...
আতঙ্কবাদে নোৱাৰে ৰুধিব
মানৱতাবাদ ... গণতন্ত্র ৷৷

(এপ্রিল: ২০০২ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: