জিলিকাব লুইতৰে
পাৰ
জিলিকাব লুইতৰে
পাৰ
আন্ধাৰৰ ভেটা
ভাঙি
প্রাগজ্যোতিষত
বয়
জেুউতিৰে
নিজৰাৰে ধাৰ
শত শত বন্তিৰে
জ্ঞানৰে
দীপালিৰে
জিলিকাব লুইতৰে
পাৰ
জিলিকাব লুইতৰে
পাৰ ৷
সাঁচিপাতে ভাষা
দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব
দুৱাৰ !
সাঁচিপাতে ভাষা
দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব
দুৱাৰ !
সমাজে সাৱটিব
মহান মানৱতা
সমাজে সাৱটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ !
জিলিকাব লুইতৰে
পাৰ
জিলিকাব লুইতৰে
পাৰ ৷
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভিক কুৰি
শতিকাৰ
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভিক কুৰি
শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ
ডাঁৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ
ডাঁৰ
জিলিকাব লুইতৰে
পাৰ
আন্ধাৰৰ ভেটা
ভাঙি
প্রাগজ্যোতিষত
বয়
জেউতিৰে
নিজৰাৰে ধাৰ
শত শত বন্তিৰে
জ্ঞানৰে
দীপালিৰে
জিলিকাব লুইতৰে
পাৰ
জিলিকাব লুইতৰে
পাৰ
জিলিকাব লুইতৰে
পাৰ
জিলিকাব লুইতৰে
পাৰ ৷৷
(ভূপেন হাজৰিকাদেৱৰ
কন্ঠেৰে নিগৰিত গীত)
( গুৱাহাটী বিশ্ববিদ্যালয়- জালুকবাৰীত
মুকলি কৰাৰ দিনা ৰচিত, ১৯৫৪)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment