অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

প্রথম মৰমে যদি সঁহাৰি নেপায়


প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
ভালপোৱা কিয় জানো মৰহি যায়

যৌৱন প্রভাতী বেলাতে
তোমাক দেখিছিলোঁ হঠাতে
যৌৱন প্রভাতী বেলাতে
তোমাক দেখিছিলোঁ হঠাতে
প্রথম চাৱনিতে কিযে হৈ গ
তুমি জানো গমকে পোৱা নাই !
প্রথম চাৱনিতে কিযে হৈ গ
তুমি জানো গমকে পোৱা নাই !
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
ভালপোৱা কিয় জানো মৰহি যায়

শৈশৱ পাৰ হৈ কৈশোৰ আহিল
কৈশোৰ পাৰ হৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হলে
নেচালোঁহেঁতেন তোমাৰ ফালে
শৈশৱ পাৰ হৈ কৈশোৰ আহিল
কৈশোৰ পাৰ হৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হলে
নেচালোঁহেঁতেন তোমাৰ ফালে

ই নহয় নহয় মাথোঁ কামনা
তুমি মোৰ জীৱনৰ সাধনা
ই নহয় নহয় মাথোঁ কামনা
তুমি মোৰ জীৱনৰ সাধনা
আজীৱণ তুমি মই সুখী হ
তুমি জানো গমকে পোৱা নাই  
আজীৱণ তুমি মই সুখী হ
তুমি জানো গমকে পোৱা নাই  
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো মৰহি যায়
ভালপোৱা কিয় জানো মৰহি যায়
ভালপোৱা কিয় জানো মৰহি যায়

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
(ভূপেন হাজৰিকাদেৱে ৰচা সমৰ হাজৰিকাৰ কন্ঠেৰে নিগৰিত গীত)

No comments: