অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

হেৰৌ বলীয়া নয়ন ভৰি ভৰি


হেৰৌ বলীয়া
নয়ন ভৰি ভৰি
চা বলীয়া..
নয়ন ভৰি ভৰি চা ,
হেৰৌ বলীয়া
নয়ন ভৰি ভৰি
চা বলীয়া
নয়ন ভৰি ভৰি চা ৷

সন্মোখত সৌ উঠিছে নামিছে
উঠিছে নামিছে
ৰূপহী খুটিৰে ধল..!
ধলৰ বুকুতে পোহৰ জলমলাই
ধৌৱে কৰে তল ..মল বলীয়া
নয়ন ভৰি ভৰি
চা বলীয়া..
নয়ন ভৰি ভৰি চা ৷

ধৌ দেখি তোৰ
হালে জালে গা
ইকৰা পাতৰে
নাওঁখনি বা,
ধৌ দেখি তোৰ
হালে জালে গা
ইকৰা পাতৰে
নাওঁখনি বা ৷

পখিলা পাখিৰে
পাল তৰি দি
পাল তৰি দি
পাৰিবি মাজলৈ যা .. !
কলমৌ ঠাৰিৰে
পেঁপাটি বজাই
বনগীত এফাকি
গা বলীয়া
নয়ন ভৰি ভৰি
চা বলীয়া..
নয়ন ভৰি ভৰি চা ৷
হেৰৌ বলীয়া
নয়ন ভৰি ভৰি
নয়ন ভৰি ভৰি
নয়ন ভৰি ভৰি
চা... ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: