কথা: এই কিয়? কিয় বাৰু ? নিজকে দেখি ..
গীত: নিজকে দেখি আজিকালি
বেলেগ ভাব জাগে
দাপোণখনিৰ মইজনীক
সপোন সপোন লাগে
সিদিনালৈকে আছিলোঁ
দেখোন পুতলা ঘৰ সাজি
পুটলাবোৰ মানুহ মানুহ
লগা হ’লযে কিয়
মৰমী চাৱনিৰে
মোক জোকায় কিয় ?
চাৱনিৰো
মানেবোৰো
চাৱনিৰো
মানেবোৰো
বুজা যেন লাগে
দাপোণখনিৰ মইজনীক
সপোন সপোন লাগে
সপোন সপোন লাগে ৷
সোণ পুৱতিৰ
সোণ আঙুলিৰ
পৰশ লাগি যায়
সেই পৰশৰ মিঠা উমত
দেহা দহি জায়
বৰষাই
এঙামূৰি দি সকীয়ায়
মই হেনো যুৱতী হ’লো
শৈশৱ আৰু নাই
কিয় যেন
আজিকালি
কিয় যেন
আজিকালি
লাজ লাজ লাগে
দাপোণখনিৰ মইজনীক
সপোন সপোন লাগে
সপোন সপোন লাগে
সপোন সপোন লাগে
সপোন সপোন লাগে
[কথাছবি: বনহংস ,১৯৭৮ চন]
[সংগীত পৰিচালক :- ড৹ ভূপেন হাজৰিকা]
[সংগীত পৰিচালক :- ড৹ ভূপেন হাজৰিকা]
[অঞ্জদেৱীৰ
কন্ঠেৰে নিগৰিত]
[ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া]
No comments:
Post a Comment