অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পৰ জনমৰ শুভ লগনত




পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবা নে প্রিয়ে এই জনমৰ
মোৰ হিয়া অপূৰ্ণ আশা !
পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবা নে প্রিয়ে এই জনমৰ
মোৰ হিয়া অপূৰ্ণ আশা !
পৰ জনমৰ শুভ লগনত !

এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি  ৰাখিলা
এই জনমৰ সুকুম মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
কাহানিও তুমি নিপিন্ধালা
শূণ্য মোৰ বুকু হল যে উকা
পূৰাবা নে প্রিয়ে এই জনমৰ
মোৰ হিয়া অপূৰ্ণ আশা !
পৰ জনমৰ শুভ লগনত !

এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় যে কাটি
এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় যে কাটি
তাহানি সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকনি নিবিলাই
এই জনমৰ গোপন কথা
বুকুতে থাকি দিয়ে যে বেঁথা !
এই জনমৰ গোপন কথা
বুকুতে থাকি দিয়ে যে বেঁথা !
কাহানিও তুমি নেদেখিলাঁ
কাহানিও তুমি নেদেখিলাঁ
সুখৰে ছবিটি হিয়াত অঁকা
পূৰাবা নে প্রিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা !
পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবা নে প্রিয়ে এই জনমৰ
মোৰ হিয়া অপূৰ্ণ আশা !
পৰ জনমৰ শুভ লগনত .. ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত ৰাভাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: