[কথা:- গাৱৰ গাভৰুৱে বিনায় ‘এই বিহুৰে উৰুকা নিশা’.. যোৱা বছৰতে
ডেকা ওলাই গ’ল .. চিঠি দিম বুলি ৷ আজিও চিঠি নাহিল দেখোঁ .. সি পাহৰি গ’ল নেকি তাইক,চহৰৰ কোনো ৰুপহীকে দেখি .. নাই নাই ডেকাই চাকৰি বিচাৰি
হাবাথুৰি খাইছে চাগৈ ৷ কোন বা ভয়াবহ বেভক্ষীয়ে সোমাইছে সমুহৰ বাবে,কোনে জানে পাহৰি গ’ল ..চিঠি লিখাৰ ..!!
]
গীত:-
গাভৰু: এই বিহুৰে উৰুকা নিশা
মোৰ কপৌ ফুল পৰিলে ধলি !
চিঠি দিম বুলি ও চিঠিও নিদিলি
তই পৰদেশী হ’লি ;
এই বিহুৰে উৰুকা নিশা
মোৰ কপৌ ফুল পৰিলে ধলি !
চিঠি দিম বুলি ও চিঠিও নিদিলি
তই পৰদেশী হ’লি
অ’ তই পৰদেশী হ’লি ৷
ডেকা: তোৰ বুকুৰে কান্দোন
সপোনত শুনো সোণ
বুকুৰে কান্দোন
সপোনত শুনো সোণ
নিষ্ঠুৰ নগৰত বহি ..!
চিঠি লিখিবলৈ
পোৱা নাই আহৰি
মন মোৰ গৈছে দহি !
মন মোৰ
গৈছে দহি !
গাভৰু: যোৱাটো উৰুকাত কথাযে দিছিলি
হ’বি মোৰ মনৰে দৰা
পষেকৰ পাচতে গুচিয়ে গ’লিগৈ
মনটো মোৰ হ’ল যে মৰা ;
যোৱাটো উৰুকাত কথাযে দিছিলি
হ’বি মোৰ মনৰে দৰা
পষেকৰ পাচতে গুচিয়ে গ’লিগৈ
মনটো মোৰ হ’ল যে মৰা !
ডেকা: চাকৰি বিচাৰি
নগৰখন ঘূৰিলো
চাকৰি বিচাৰি
নগৰখন ঘূৰিলো
চাকৰি আমালৈ নাই..
উৰণীয়া লোকেহে
চাকৰি পাইচোন
উৰণীয়া লোকেহে
চাকৰি পাইচোন
ফুৰিছো লাঠি চৰ খাই !
গাভৰু: চাকৰি বিচাৰি
চহৰলৈ গ’লি
চাকৰি পালি নে নাই...?
চাকৰি পালি নে নাই...?
আমালৈ হ’বলা পাহৰি গ’লিগৈ !
আমালৈ হ’বলা পাহৰি গ’লিগৈ !
চহৰৰ ৰূপহী পাই ৷
ডেকা: কি কথা কৱ তই
শুন মোৰ লাহৰী
কি কথা কৱ তই
অ’মোৰ লাহৰী
তোক মই পাহৰা নাই
তোক মই পাহৰা নাই
তোৰে মান ৰূপহী
বিচাৰি দেখিলোঁ
কোনো ভাৰস্ততে নাই
কোনো ভাৰস্ততে নাই
কথা এটা কওঁ
শুন মোৰ লাহৰী
কথা এটা কওঁ
শুন মোৰ লাহৰী
গুপুতে গুপুতে ক’লো
গুপুতে গুপুতে ক’লো
চাকৰী নোপোৱা
সমাজখন শুধৰাম
চাকৰী নোপোৱা
সমাজখন শুধৰাম
মৰণ পণকে ল’লো
মৰণ পণকে ল’লো
গাভৰু: মোৰে শপত
তই এখনি চিঠি
মোৰে শপত
তই এখনি চিঠি
দিবিচোন অহাটো ডাকত
তোক নেপালেও
তোকে লগে পাম
তোকে লগে পাম
চিঠিৰেই আখৰৰ উমত
চিঠিৰেই আখৰৰ উমত
চিঠিৰেই আখৰৰ উমত
অ’ চিঠিৰেই আখৰৰ উমত ৷৷
(কলকাতা: ২৩
ফেব্রুৱাৰী, ১৯৭৯ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment