অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অকোৱা - পকোৱা বাট


অকোৱা - পকোৱা বাট, এই পাহাৰীয়া
ঝক্ ঝক্ চলিছে যেন কেৰেকুৱা
অকোৱা পকোৱা বাটটো পাতাচিয়া
ঝক্ ঝক্ চলিছে যেন কেৰেকুৱা ৷
 ঝিক্ ঝিক্ ঝিক্ ঝিক্ ঝক্ ঝক্ ঝক্ ঝক্
 পাতাচিয়ালকোখন চলি থক্ থক্ ৷৷

দুটা কল খালাঁ , আমালৈ নথলাঁ
আৰু এটা খালাঁ আমাক নিদিলাঁ ৷
ভগাই ভগাই খালে আঁটি আটি যায়
লুকাই খালে ফ্রেণ্ড, ঢুকাইহে যায় ৷
শকত লৰা : আই এম নট ছেলফিশ্ব
          লুক এট মাই বডি
          শুকাই মৰিম ফ্রেণ্ড কম খাওঁ যদি ৷
          ঘৰ পাম যেতিয়া , মাম্মি কব তেতিয়া
          ঘৰ পাম যেতিয়া , ডেডি কব তেতিয়া
          আই ঐ দেহি ! সোণ হলি আধাপেটীয়া ৷

খোৰাই খায় নোখোৱাৰ নাই
এই কথা ভাল কথা নহব যে ভাই ৷
খাদ্যৰ ভঁৰাল উদং নকৰিবা
আনৰো উদৰ আছে পাহৰি নেযাবা ৷
দুজনৰ আসনক এজনে নলবা 
পিচত দেখিবা তুমি এখনো নাপাবা ৷
হোম হোম চুইট হোম,
লৈ যোৱা পাহাৰীয়া ৰে
কেৰেলুৱা ৰেল তুমি নকৰিবা ফেল
হোম হোম চুইট হোম ৷৷

(কথাছবি: বনহংস, ১৯৭৮ চন)

(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: