অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

নামি আহাঁ সুন্দৰৰে ( দ্বৈত কন্ঠত)


ভূ:হা:  নামি আহা সুন্দৰৰে
দুয়ো:   সেনা শিল্পী দল
এৰা সপোন-ধেমালি..
বাধা যদি নিদিয়া
পিশাচী এন্ধাৰক
ধৰা হব ৰণেৰে ৰাঙলী ৷

ভূ:হা:  বাটে-পথে  যায় চোৱা
সৌৱা পালে পাল
            মুমূৰ্ষু জীৱিত নৰকঙ্কাল
            সিহঁতৰ কাৰণে
আশাৰ গীত গোৱা জীৱনত
সিহঁতৰ ৰহণ বোলোৱা
দুয়ো:   আজি মৰণক মষিমূৰি
জীৱনৰ জেউতিৰে
            জ্বলোৱা দীপাৱলী
বাধা যদি নিদিয়া
পিশাচী এন্ধাৰক
ধৰা হব ৰণেৰে ৰাঙলী ৷

ভূ:হা:  অ........
শঙ্কৰে যুঁজিলে সুৰৰে বৈৰী
নিশাচৰ যতমান পলালে লৱৰি
আজি জীৱনৰ নাটকৰ দৃশ্য দেখুওৱা
আজি ৰণৰ অগনিক সুৰৰে নুমোৱা
দূয়ো:   নহলে সিহঁতে তীক্ষ্ণ নখেৰে
শিশুৰ কলিজা খাব ফালি
            (আজি) সমাজৰ নাটঘৰ সজোৱা-পৰোৱা
            সাম্যৰ ৰহণ ঢালি
            শান্তিৰ ৰহণ ঢালি
            বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
            ধৰা হব ৰণেৰে ৰাঙলী
            নামি আহা সুন্দৰৰে
            সেনা শিল্পী দল
এৰা সপোন-ধেমালি..
বাধা যদি নিদিয়া
পিশাচী এন্ধাৰক
            ধৰা হব ৰণেৰে ৰাঙলী
            ধৰা হব ৰণেৰে ৰাঙলী
            ধৰা হব ৰণেৰে ৰাঙলী ৷৷

(গুৱাহাটী: আগষ্ট , ১৯৫৩ চন)
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: