অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

ৰাধাচূড়াৰ ফুল গুজি


নাৰী:    অ ৰাধাচূড়াৰ ফুল গুজি .. ৰাধাপুৰৰ ৰাধিকা
চাহ বাগিচাত ঝুমুৰ নাচি জুগনুক যাচে ফটিকা
ৰাধাচূড়াৰ ফুল গুজি .. ৰাধাপুৰৰ ৰাধিকা
চাহ বাগিচাত ঝুমুৰ নাচি জুগনুক যাচে ফটিকা
ৰাধাচূড়াৰ ফুল গুজি..
-
সেই ফটিকা প্রেম ফটিকা
(তাত) ভেজাল তেজাল একো নাই
কৃষ্ণচূড়াৰ ফুলৰ দৰে সঁচা ৰঙ ছটিয়ায়
জুগনু বোলা শিৰীষ গছত
ৰাধা যেন লতিকা ...
চাহ বাগিচাত ঝুমুৰ নাচি জুগনুক যাচে ফটিকা
ৰাধাচূড়াৰ ফুল গুজি
-
সোণাৰুৰে হালধীয়া থোপাথুপি ফুল
আইনা দেখি খোপা বান্ধি ৰাধা বিয়াকুল
জুগনুৰ দেহা কুন্দত কটা
মাদল কাঠৰ ৰং !
তাকে দেখি ৰাধাই হাঁহে
কত যে তাইৰ ঢং
জুগনু বিহীন সময়খিনি ৰাধাৰ যেন শতিকা...
চাহ বাজিচাত ঝুমুৰ নাচি জুগনুক যাচে ফটিকা
ৰাধাচূড়াৰ ফুল গুজি.....।।

(ভূপেন হাজৰিকাদেৱে ৰচা ঊষা মঙ্গেশকাৰৰ কন্ঠেৰে নিগৰিত)
(নিজৰাপাৰ,১৯৬৯)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: