অতিকৈ চেনেহৰ
বহলকৈ পৃথিৱী
তাতোকৈ চেনেহৰ
ভাই,
আনন্দৰ সীমা নাই
৷
ৰছ দলৰ কি
ক্ষিপ্রতা চাব,
সমাজৰে পথাৰতে
কিনো ধোপ
খেলিলাঁ
পাৱতে জেন এঠা
সনা আছে
সেই এঠাৰে তোমাৰ
আমাৰ
দুখন বুকু এখন হ’ল
ৰঙতে চোন বলিয়া
হৈ নাচে !
এনেনো ভাল লাগে
বান্ধৈ
এনেনো ভাল লাগে
ভল্গানদী কিনো
চাবা
যেন আমাৰ লুইতহে
৷
এনেনো ভাল লাগে-
ডন্ নৈখন কিনো
চাবা
যেন জীয়া ভৰলীহে
৷
েনেনো ভাল লাগে
বোখাৰালৈ কিনো
চাবা
যেন আমাৰ
কাশ্মীৰহে ৷
এনেনো ভাল লাগে
মস্কোলৈ কিনো
চাবা
শান্তি বিৰাজ
কৰিছে ৷
এনেনো ভাল লাগে
বিজ্ঞানলৈ কিনো
চাবা
মানৱ কল্যান
সাধিছে ৷
এনেনো ভাল লাগে
ৰাজনীতিলৈ কিনো
চাবা
পঞ্চশীল মানিছে
৷
এনেনো ভাল লাগে
দূৰণিৰে বুকুৰ বান্ধৈক
অসমে আদৰিছে ৷
এনেনো ভাল লাগে
বান্ধৈ
এনেনো ভাল লাগে
....... ৷
(গুৱাহাটী: ১৬/১১/১৯৬৫ ; গুৱাহাটী নেহেৰু ষ্টেডিয়ামত ৰাছিয়াৰ ফুটবল খেলুৱৈ দল এটাই খেলাৰ সময়ত ভূপেন হাজৰিকাদেৱে ৰচনা কৰা
৷)
ইউনিক'ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া
No comments:
Post a Comment