পৰহি পুৱাতে
টুলুঙা নাৱতে
ৰংমন মাছলৈ গ’ল
মাছকে মাৰিবলে’ নেলাগে যাবলে’
ধুমুহা আহিবৰ হ’ল ৷
ক’ৰবাত কেনেবাকৈ ঘঁৰিয়ালে ধৰিব
বৈ যাব তেজৰে ধল ৷
গধূলিৰে পৰতে
বৰ্হমপুত্রৰ মাজতে
বৰ্হমপুত্রৰ মাজতে
ৰংমন নাইকীয়া হ’ল ৷
হিয়াখনি ভুকুৱাই
আকাশলে’ চাই চাই
হিয়াখনি ভুকুৱাই
আকাশলে’ চাই চাই
ৰহদৈ বাউলী হ’ল !
অ’ ঢৌ যা: গুচি নিশাকে নেউচি
ৰংমনক আনিবৰ হ’ল !
ঢৌবোৰে সাৱটি ৰংমনৰ দেহাটি
ৰংমনৰ দেহাটি !
পাৰতে শুৱাই থৈ
গ’ল
পৰহি পুৱাতে
টুলুঙা নাৱতে
ৰংমন মাছলৈ গ’ল
মাছকে মাৰিবলে’ নেলাগে যাবলে’
ধুমুহা আহিবৰ হ’ল ৷
হিয়াখনি ভুকুৱাই
আকাশলে’ চাই চাই
হিয়াখনি ভুকুৱাই
আকাশলে’ চাই চাই
ৰহদৈ বাউলী হ’ল !
অ’ ঢৌ যা: গুচি নিশাকে নেউচি
ৰংমনক আনিবৰ হ’ল !
ঢৌবোৰে সাবটি
ৰংমনৰ দেহাটি
ৰংমনৰ দেহাটি !
পাৰতে শুৱাই থৈ
গ’ল ,
পৰহি পুৱাতে
টুলুঙা নাৱতে
ৰংমন মাছলৈ গ’ল
(গুৱাহাটী ১৯৫৪ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment