কথা: জ্ঞানীজনে কয় ... কি কয় ?
গীত: জ্ঞানীজনে কয় ...
শৃগালৰ জাক জাক
সিংহৰ এটাই ভাল
হেন জানি ভাৱি গুণি
হে’ নৱ দম্পতী
সীমিত কৰাঁ পৰি্যাল ৷
পৰিয়াল – পৰিকল্পনা মাথোঁ
গৰ্ভ নিৰোধ আঁচনি নহয়
ই মাতৃ আৰু শিশুৰ সমানে
স্ব নিৰাপত্তাৰে হয় ৷
কথা: জ্ঞানীজনে কয় ... কি কয় ?
গীত: জ্ঞানীজনে কয় ...
শৃগালৰ জাক জাক
সিংহৰ এটাই ভাল
হেন জানি ভাৱি গুণি
হে’ নৱ দম্পতী
সীমিত কৰাঁ পৰি্যাল ৷
ধৰালৈ আনিলে প্রতি শিশুৱে
মানৱৰ প্রাপ্যৰ ল”ব অধিকাৰ ৷
সেই কিঞ্চিৎ প্রাপ্য দিব যদি নোৱৰাঁ
কিয় কৰাঁ মিছা অঙ্গীকাৰ ৷
যিটো শিশু আজি জন্ম দিলাঁ
কথা: কিম্বা কালি দিবা .. তাৰ কথা ভাবিবা এবাৰ ৷
গীত: যিটো শিশুৰ আজি জন্ম দিলাঁ
সন্মান কৰাঁ তাৰ সত্তা ৷
তাকে দিয়া শাৰীৰিক
মানসিক আৰু গিয়ানৰ
স্ব নিৰাপত্তা
অবাঞ্ছিত আছে আধিকাৰ ৷
কথা: হয়টো অধিকাৰ আছে !
গীত: পিচে , মিঠা শিশুৰ পৰিয়াল , আঁচনি কৰিলে
তোমাৰ জানো হ’ব কিবা কাল ?
হিন্দু খ্রীষ্টান শিখ বৌদ্ধৰ
শাস্ত্রই দোহাৰে সত্য হেজাৰ
পৰিকল্পিত সন্তানৰ প্রতি
প্রতি দম্পতিৰ আছে অধিকাৰ ৷
আব্বু চৈয়দ আয়ুবৰ নামতে
হজৰত মহম্মদে জীৱনকালত
জন্ম নিয়ন্ত্রন কৰাৰ সপক্ষে
উপদেশ দিলে মুছলিম সমাজক ৷৷
পৰিয়াল- পৰিকল্পনাৰ ..
যাক দিলাঁ জন্ম
কথা: যাক দিলাঁ জন্ম কিম্বা কালি দিআব;
তাৰ কথা ভাবিবা এবাৰ ৷
গীত: এই বিশ্বৰ সভাত সুযোগ্য কৰাৰ
যদি কৰাঁ অঙ্গীকাৰ ৷
কথা: সেয়া জ্ঞানীজনে কয় ...কি কয় ?
জ্ঞানীজনে কয় ...
সিংহৰ এটাই ভাল
হেন জানি ভাৱি গুণি
হে’ নৱ দম্পতী
সীমিত কৰাঁ পৰিয়াল ৷
(ভূপেন হাজৰিকাদেৱৰ
কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment