নাই নাই নাই
হেনো আমাৰ আপোন শাস্ত্রী
তাছখণ্ডতে হ’ল শান্তিপথযাত্রী ৷
নি:কিন যৌৱনে
সাত্বিক সাজিলে ৷
ভাৰতৰে ঐতিহ্যৰ
গূঢ়াৰ্থ বজিলে
প্রাচ্যৰ সংযমৰ
স্বৰূপ বখানিলে ৷
প্রতিজন দৰিদ্রৰ
তেওঁ যেন ভাতৃ
দূৰণিৰ দেশতে হ’ল শানলতিপথযাত্রী ৷
ক্ষুদ্রতিক্ষুদ্র
হৈয়ো মহত্ব দেখুৱালে
দানৱীয়
ক্রোধাগ্নিতো শিৰ নোদোঁৱালে ৷
হিন্দু কাশী পীঠ
জয়ী বিদ্যাৰ্থী আছিলে
হাফিজৰ দেশতে
সুখনিদ্রা লভিলে ৷
সন্মানী সন্ধিৰে
মুহিলে ধৰিত্রী
ওমৰৰ দেশতে হ’ল শান্তিপথযাত্রী ৷
প্রতি ভাৰতীয়কে
তীখাৰে বন্ধালে
প্রতিজনক মনে
মনে নিজ নেতা সজালে
কাৰ্য্য সমাপিহে
তেওঁ মৃত্যুকোলাত বহিলে
আপোনাৰ গৃহলৈ
সুপ্ত শাস্ত্রী আহিলে ৷
স্বদেশলৈ উভতিলে
যেন আমাৰ পিতৃ
তাছখণ্ডতে হ’ল শান্তিপথযাত্রী ৷
বিশ্ব সমাজ , নাটঘৰতে চমু নাট মেলিলে
তিনিটি দৃশ্যতে
তেও্ঁ সৰলতা সানিলে
দ্বিতীয় দৃশ্যতে
তেওঁ ৰুদ্র ৰস ঢালিলে ৷
তৃতীয় দৃশ্যতে
নাশে ঘোৰ ৰণ-ৰাত্রি
তাছখণ্ডতে হ’ল শান্তিপথযাত্রী ৷
ওমৰৰ দেশতে হ’ল শান্তিপথযাত্রী ৷
দূৰণিৰ দেশতে হ’ল শান্তিপথযাত্রী ৷৷
(১৯৬৬ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment