কা: মঙাইহ্ চে: মিজোৰাম
তোমাক ভাল পাওঁ মিজোৰাম ৷৷
খট্ খট্ ‘চেইৰো’ৰ ছন্দ লই
গীটাৰৰ সুৰে বয় কল’দাই নৈ ৷
সু-উচ্চ ফাংপুই নীলা পাহাৰে
মৌন ভাষাৰে কিবা হুংকাৰে ৷
শিকৰৰ ঝুনখেতি এৰি এৰি থৈ
সংগ্রামী মানুহে থমকি ৰৈ
হাঁহি হাঁহি আমাক দিলে বিদায়
হাতবাউল দি কয় ‘চিবায় চিবায়’ ৷
কি এই দৃশ্য নয়নাভিৰাম ৷
ই সংগ্রামী দেশ, যাৰ নাম মিজোৰাম ৷
কা: মঙায়হ্ চে: মিজোৰাম ৷৷
সেউজীয়া মনৰ মাদকতা লৈ
এগৰাকী গাভৰুৱে লহ্ পহ্ কৈ
আমাক হাঁহি মাৰি আদৰিলে
তাইৰ হাতেবোৱা ‘গোৱান’ মেখেলাতে
ৰঙা নীলা আশাভৰা ফুল ফুলিলে ৷
তাইৰ বক্ষৰ ‘কৰচেই’ চোলাতে
শুকুলা মেঘে কিবা ফুল বাছিলে
তাইৰ ফুলৰ অলঙ্কাৰ হালে – জালে
‘পাংক্ পাৰ’ নাচোনৰ তালে তালে ৷
কি এই দৃশয় নয়নাভিৰাল
ই গাভৰুৰ দেশ, যাৰ নাম মিজোৰাম ৷
কা: মঙায়হ্ চে: মিজোৰাম ৷৷
বিলখাওট্ লিং বা লুংদাই
বৈৰাংটে বা লুংলে
থিংচুলংলিয়াই বা শ্বেৰচিব্
হুনাথিয়াল কিম্বা কলাচিব্
সকলোতে যেন জনতা সজাগ
ধ্বংশ ঠাইত যেন সৃষ্টিহে আগ ৷
কৰ্ত্তব্যৰ যেন নাই বিৰাম
ই প্রতিজ্ঞাৰ দেশ, যাৰ নাম মিজোৰাম ৷
কা: মঙায়হ্ চে: মিজোৰাম ৷৷
কাহানিয়েই পাহৰা প্রবাদ মতে
তাহানিৰ আদিম এন্ধাৰ ফালি
‘ছিনলুং’ গাঁতেৰে ওলাই আহি
তুমিয়ে দিছিলা পোহৰ ঢালি ৷
‘পাথিয়ান; ঈশ্বৰৰ জ্যোতি সন্তান
আহা সমভাগী হৈ গঢ়োঁ জ্যোতভৰা
স্থান ৷৷
মিজো আৰু হমাৰ পৈ লাখেৰে
নানা ৰহণৰ এইয়া জাতি অগণন
কুকি আৰু চাক্ মাৰো মিঠা বচন
পূৰ্ব্বভাৰতীৰে শিৰৰ ভূষণ ৷
‘লুখুম’ টুপীৰে চকুপানী ঢাকি
বিদায়পৰত কওঁ কথা এফাঁকি ..
ধন্যবাদ বা ‘কলাওমে’
হংগাত নহয় মৰমে মৰমে ৷
আজিৰ এই দিন যেন ইতিহাস হয়
এনাজৰী যেন সদা দৃঢ়তৰ হয় ৷৷
ই মৰমৰ দেশ যাৰ নাম মিজোৰাম
কা: মঙায়হ্ চে: মিজোৰাম ৷৷
( মিজোৰাম: ১৯৬৮ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment