অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

এই পূৰ্ণিমা ৰাতি (দ্বৈত কন্ঠত)



পুৰুষ:         এই পূৰ্ণিমা ৰাতি !

নাৰী:           এই পাহাৰৰ দাতি !

দুয়ো:          আমি ডেকা গাভৰুৱে

নাচো জুম পাতি !

এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

এই পূৰ্ণিমা ৰাতি !





দুয়ো:          এই পূৰ্ণিমা ৰাতি !

এই পাহাৰৰ দাতি !

আমি ডেকা গাভৰুৱে

নাচো জুম পাতি

এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

এই পূৰ্ণিমা ৰাতি ৷



নাৰী:           আকাশত জোনাকৰ বৰণৰ !

পুৰুষ:         ননিত লাগে আজি ধৌ তাৰ !

দুয়ো:          ব্যাকুল মাজ্জি

পৰাণত সোণৰ ফুলপাহ !

আখৰ আজি মৰুময় ফুলপাহ !

লোৱা কথা পাতি !

এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

এই পূৰ্ণিমা ৰাতি ৷



দুয়ো:          এই পূৰ্ণিমা ৰাতি !

এই পাহাৰৰ দাতি !

আমি ডেকা গাভৰুৱে

নাচো জুম পাতি

এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

এই পূৰ্ণিমা ৰাতি ৷



দুয়ো:          মনৰ আন্ধাৰ দূৰ কৰে জোনে !

মনৰ আন্ধাৰ দূৰ কৰে কোনে ..

মনৰ আন্ধাৰ দূৰ কৰে জোনে !

মনৰ আন্ধাৰ দূৰ কৰে কোনে ..



পুৰুষ:         কোনে কাণে কাণে কয় .. আহি

নাৰী:           গীত গাই নাচা হাঁহি হাঁহি

দুয়ো:          জাক পাতি পাতি !

কোনে কয় পৃথিৱী আন্ধাৰ

কৰা কৰা পোহৰেৰে শেষ তাৰ

শুনা কাণ পাতি !

এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

এই পূৰ্ণিমা ৰাতি ৷



দুয়ো:          এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

আমি ডেকা গাভৰুৱে

নাচো জুম পাতি

এই পূৰ্ণিমা ৰাতি

এই পাহাৰৰ দাতি

এই পূৰ্ণিমা ৰাতি ৷





সংগীত পৰিচালক : সুধিন দাসগুপ্ত
গীতিকাৰ : কেশৱ মহন্ত

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: