অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শব্দ আৰু সুৰৰ পৃথিৱীত


শব্দ আৰু সুৰৰ পৃথিৱীত
ধেমালি লৰিলোঁ নানা মুদ্রাৰে
নিৰানন্দ আৰু মহানন্দে মই
সত্যক ফঁহিয়ালোঁ জীৱনবোধেৰে ৷৷

মই জীয়াই আছোঁ
সময়ৰ আগে আগে
আত্মপ্রত্যয়ৰ বাবে
সাধাৰণৰ মাজতেই থাকিম
অসাধাৰণভাৱে ৷৷

মোৰ গানৰ শব্দ, অতিকে সহজ
ৰসাল মাটি সুৰৰ ৷
মুক্ত আকাশ মুক্ত পৃথিৱী
মুক্ত সাগৰ লহৰ ৷৷

বৰ্ত্তমান পৃথিৱীৰ ভীষন অসুখ
চৌদিশে দেখোঁ সংঘাত ৷
প্রতিজনে গাওঁ আহাঁ শান্তিৰ গান
আনি জীৱনৰ জ্যোতিষপ্রপাত ৷৷

(মুম্বাই: ৬ মাৰ্চ, ২০০৩ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: