ভূ:হা: হে কোনেনো স্রজিলে এইজনী নাচনী সোণতে সুৱগা সানি !
চাই নো চাই থাকিলে তোমাক ঐ নাচনী..
অ’ হেপাহ মোৰ নপলায় আজি !
এইজনী কোন নাচনী ঐ ?
এইজনী ক’ৰেনো নাচনী ?
এইজনী যোৰহাটৰ নাচনী !
এইজনী ক’ৰেনো নাচনী ?
(হুৰ) এইজনী যোৰহাটৰ নাচনী !
হাতত আছে খাৰু দেখিবলে বাৰু
ডিঙিত আছে মণি দেখিবলে লনি
দেখিনো মৰম লাগি
দেখিনো মৰম লাগি যায় !
হে এইজনী মৰমৰ নাচনী
হে এইজনী আজলী ছোৱালী
হুৰ, এইজনী মৰমৰ নাচনী
এইজনী আজলী ছোৱালী
হাতত আছে খাৰু দেখিবলে বাৰু
ডিঙিত আছে মণি দেখিবলে লনি
দেখিনো মৰম লাগি
দেখিনো মৰম লাগি যায় !
নাৰী: ঢুলীয়া আপোন মূৰৰ চুৰিয়া
ঢুলীয়া মূৰত তোমাৰ গামোচা
ঢুলীয়া আপোন মূৰৰ চুৰিয়া
ঢুলীয়া মূৰত তোমাৰ গামোচা
ফুলাম গামোচা কোনে বৈয়ে দিয়া
ঢুলীয়া দেখি নো মৰম লাগি
দেখি নো মৰম লাগি যায় ;
ক’ৰেনো ঢুলীয়া লগতো নাই তালীয়া
যোৰহাটৰ ঢুলীয়া ওচৰ চাপি নাহিবা
ক’ৰেনো ঢুলীয়া লগতো নাই তালীয়া
যোৰহাটৰ ঢুলীয়া ওচৰ চাপি নাহিবা
এ কাষলৈ আহিছে চা !
তাৰ লাজো নাই এতিয়া
অ’ লাজো নাই এতিয়াচোন !
পু: স: : হাই ঐ ৰেবা ৰেবা ...
ভূ:হা: ইমান ধুনীয়াকৈ কোনে সৰজিলে
পু: স: : ইমান ধুনীয়াকৈ কোনে সৰজিলে
ভূ:হা: দেহা না ঐ কোনে নাম দিলে
হীৰা না ঐ
পু: স: : দেহা না ঐ কোনে নাম দিলে
হীৰা না ঐ
নাৰী: আয়ে নামে দিলে ইলাচি-বিলাচি
না:স: আয়ে নামে দিলে ইলাচি-বিলাচি
নাৰী: দেহা না ঐ
বোপায়ে নামে দিলে হীৰা না ঐ
না:স: দেহা না ঐ
বোপায়ে নামে দিলে হীৰা না ঐ
ভূ:হা: বিহুৰে দুমাহিত ফুলামকৈ গামোচা
পু: স: : বিহুৰে দুমাহিত ফুলামকৈ গামোচা
ভূ:হা: দেহা না ঐ
কোন বৈ দিব হীৰা না ঐ
পু: স: : দেহা না ঐ
কোন বৈ দিব হীৰা না ঐ
নাৰী: ৰঙাকৈ আঁছোৰিম ফুলামকৈ গামোচা
না:স: ৰঙাকৈ আঁছোৰিম ফুলামকৈ গামোচা
নাৰী: দেহা না ঐ
ময়ে বৈয়ে দিমেই তোমাকে ঐ
পু: স: : হয়নে ?
না:স: দেহা না ঐ
ময়ে বৈয়ে দিমেই তোমাকে ঐ
পু: স: : ঐ কোনে নামে দিলে হীৰা না ঐ
নাৰী: বোপাই নামে দিলে হীৰা না ঐ
পু: স: : ঐ কোনে নামে দিলে হীৰা না ঐ
নাৰী: বোপাই নামে দিলে হীৰা না ঐ
পু: স: : ঐ কোনে নামে দিলে হীৰা না ঐ
নাৰী: বোপাই নামে দিলে হীৰা না ঐ
পুৰুষ: আয়ৈ নাজিতৰা ..
আহিবি ঐ বিহুলে ..
নাৰী: ঢোলত চাপৰ মাৰি
ওলাল আহি ঢুলীয়া..
এ কান্ধতে... ঢোলটি ঐ লৈ !
এ নাচনী মৰমক .. এৰিব নোৱাৰি
ফুৰিছা বলীয়া হৈ ... ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment