অনুসন্ধান আকাংক্ষাত

Sunday, April 8, 2012

উৰ্ উৰ্ শান্তিৰ পখীটি


উৰ্ উৰ্ শান্তিৰ পখীটি
উৰ্ উৰ্ শান্তিৰ পখীটি |
এই আকাশ , এই ভূমি
নকৰিবি মৰুভূমি
বিষৰ ধোঁৱাৰে এন্ধাৰ ৷

এই মানুহ, এই প্রদেশ
এই মানুহ, এই স্বদেশ
শোষণমুক্ত কৰ্ এইবাৰ ৷

ৰংমন ৰঙিলী শুন্
তহঁতৰ বহুতো গুণ
মুঠিত বহু অধিকাৰ ৷

নগৰক নকৰিবি কাৰাগাৰ
গাঁও যেন নহয় ছাৰখাৰ
খোলা ৰাখ্ আশাৰ দুৱাৰ ৷
আবাল-বৃদ্ধ-অবলা নাৰী
সিহঁতক দে আশাৰ তৰী
পায় যেন সিহঁতে পাৰ ৷
জীৱন নৈৰ পাৰে পাৰে
গঢ় মথাউৰি দুৰ্নিবাৰ ৷

শেষ কৰ্ মৃত্যু-আশঙ্কা
জীৱনলৈ আন অনুকম্পা
বজা শান্তি জয়ডঙ্কা
ভাঙি দে ক্রোধৰ কাৰাগাৰ ৷

(কলকাতা: ১ মাৰ্চ, ১৯৯৪)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: