অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সঁজা এৰি পখী উৰি


সঁজা এৰি পখী উৰি
সঁজা পৰি ৰল !
নদ নদী শুকাই গ
বালি পৰি ৰল !

প্রাণ বায়ু উৰি গলে !
দেহৰ নহয় ক্ষতি..
আপোন কৰমৰ (কৰ্মৰ) মাজে
আছে হেনো গতি

অথিৰ সংসাৰ মাজে
সত্য পথ লোৱা !
সৰ্বজনৰ সুখৰ বাবে
দুখৰ বোজা বোৱা ৷

তুমি কোন মই কোন
কোন কাৰ আপোন
আপোন পৰৰ ৰণক্ষেত্রত
সকলো সপোন !

জীৱন পথৰ সংগ্রামতে
থাকা নিৰ্বিকাৰ ..
হাঁহি হাঁহি জীয়াই থকাৰ
কৰা অঙ্গীকাৰ ..
হাঁহি হাঁহি জীয়াই থকাৰ
কৰা অঙ্গীকাৰ ..
হাঁহি হাঁহি জীয়াই থকাৰ
কৰা অঙ্গীকাৰ  ৷৷

** কৰমৰ = কৰ্মৰ
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: