অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কটন কলেজ কটন কলেজ



কথা:
ভূ:হা:-
এজন প্রাক্তন কটনিয়ান হিচাবে মোৰ আজি বহুতো কথা মনত পৰিছে,তাতেই এই গীতটোত সন্নিবিস্ত কৰি দিছোঁ ৷ ১৮৯৯ চন বৃটিছ শাসন , মানিক চন্দ্র বৰুৱাৰ প্রতিবেদন প্রাগজ্যোতিষপুৰতে কৰিব লাগিবই এখনি কলেজ স্থাপন .. ১৯০১ আৰু ২০০১ এই উজ্বল এশটা বছৰ অসমীৰ কপালত ভোটা তৰা জিলিকিছে হেনৰী কটন কলেজৰ আমাৰ কটন কলেজৰ কটন কলেজ কটন কলেজ .. আমাৰ কটন কলেজ ..

গীত:-
সমস্বৰে:         ঊনৈশ শ এক আৰু দুহেজাৰ এক
এই উজ্জ্বল এশটা বছৰ
ঊনৈশ শ এক আৰু দুহেজাৰ এক
এই উজ্জ্বল এশটা বছৰ
অসমীৰ কপালত
ভোটাতৰা জিলিকিছে
হেনৰী কটন কলেজৰ
অসমীৰ কপালত
ভোটাতৰা জিলিকিছে
হেনৰী কটন কলেজৰ
আমাৰ কটন কলেজৰ
কটন কলেজ
আমাৰ কটন কলেজ !!

নাৰীসকল:        আ...(আলাপ)
পুৰুষসকল:      আ...(আলাপ)
সমস্বৰে:           কটন কলেজ   চিক্ মিকনি নহয়  পুৱাতেই অস্ত    যোৱা
                        কটন কলেজ   চিক্ মিকনি নহয়  পুৱাতেই অস্ত যোৱা
    কটন কলেজ হল জ্ঞানৰ উৎস উদ্দীপনা যোগোৱা
    কটন কলেজ হল জ্ঞানৰ উৎস উদ্দীপনা যোগোৱা
    কটন কলেজ
    আমাৰ কটন কলেজ ৷

                        ঊনৈশ শ একৰ হাতাইশ মে
                        বিহগী কবি ৰঘুনাথ ৰচিত
                        উদ্ধোধনী গীত হল নিনাদিত
                        নৱীন বৰদলৈ কৰ্ম্মবীৰে
                        যন্ত্রসঙ্গীতেৰে, কৰে সজ্জিত ৷
                        ঊনৈশ শ সোতৰত পোৱা হল স্বীকৃতি
                        বিশ্ববিদ্যালয়ৰ সন্ম্মান
                    (মাথো) সোতৰ বছৰতে
                        পৃথিৱীয়ে শলাগিলে
                        গুণগত বৈশিষ্ট্যৰ মান ৷

ভুৱন দাস আৰু হেনৰী কটন
চুইট চাহাব, ছুডমাৰ্চন
আৰু শিক্ষাবিদ আছে যত
সৱে মিলিজুলি কটন কলেজতে
জ্ঞানৰ হেঁপাহ কৰে চিৰজাগ্রত !
জাগ্রত ! জাগ্রত ! জাগ্রত !
... ... ॐ.... ॐ !
জ্ঞানত গভীৰ বিজ্ঞানত গভীৰ
খেলত সুস্থিৰ কলাত অধীৰ
হৈ আগ বাঢ়িঁ আমি কটনিয়ান !
যোৱা শতিকাৰ ঐতিহ্যৰে
আগুৱাওঁ আহাঁ হৈ চিৰ বলীয়ান
আমি কটনিয়ান ! আমি কটনিয়ান !
পৃথিৱী আজি হ গ্লবেল ভিলেজ
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !
জিন্দাবাদ কটন কলেজ !!


( মুম্বাই : ২৮ মাৰ্চ , ২০০০ চন )
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: