আকাশী যানেৰে...
উৰনীয়া মনেৰে...
দোকমোকালিতে...
পশ্চিমৰ পৰা
বঙ্গৰে পৰা
মাৰিলো উ....ৰা..... !
মোৰ লক্ষস্থান হ’ল তেজপুৰ
মোৰ লক্ষস্থান হ’ল তেজপুৰ
আকাশী যানেৰে !
মই লাহে লাহে
ধৰিত্রী এৰিলোঁ..
মই উৰি উৰি
মেঘতে সাতুৰিলোঁ
মোৰ মন বগ
আজি দেখোঁ বিমান হ’ল
মোৰ বিমান..খনি দেখো
কল্পনা হ’ল !
কাৰ মিঠা মাতে
কৰে মোক
আত্মহাৰা
কাৰ মিঠা মাতে
কৰে মোক
আত্মহাৰা
শুনোঁ চিনাকী
সুৱদী সুৰ ...
মোৰ লক্ষস্থান হ’ল তেজপুৰ
মোৰ লক্ষস্থান হ’ল তেজপুৰ
আকাশী যানেৰে !
পদ্মা নৈ ... !
অ’ পদ্মা নৈ.... !
তই গ’লি ক’লৈ ...?
পদ্মা নৈৰ
ওপৰেদি
আমাৰ বিমান নুৰে
হঠাতে ভুমুকি
মাৰে
গৌৰীশঙ্কৰে
ধৱল ধৱল গিৰিৰ
শিৰত
প্রভাতী ৰ”দ পৰে
কাঞ্চন..জঙ্ঘাৰ ..কাষেদি.. !
আমাৰ বিমান আজি
ঘূৰে
কেতিয়ানো
শুনোঁগৈ
চিনাকি মোৰ সুৰ ... !
মোৰ লক্ষস্থান হ’ল তেজপুৰ
মোৰ লক্ষস্থান হ’ল তেজপুৰ
আকাশী যানেৰে !
তলত দেখিলোঁ মই
গাৰো পাহাৰ
সেইয়া যেন ক’ৰবাৰ সেউজ সাগৰ
ওখৰা মোখৰা কতনা
লহৰ
অলপ আগুৱালোঁ
অলপ নামিলোঁ !
সেইয়া কিবা চিনাকী দৃশ্য দেখিলোঁ
কি সেই ধুনীয়া
অলকাপুৰী
গু..ৱা..হাটী মহানগৰী !
সৃষ্টিৰ ! আদিতে !
জেউতি ! বিলোৱা !
প্রাগজ্যোতিষপুৰ
... !
পিছে লক্ষস্থান
যে তেজপুৰ ..
আকাশী যানেৰে ..
অকোৱা পকোৱা
গামোচা এখন
যেন বালিত মেলি
থোৱা আছে
সেইখন গামোচা
বৰহমপুত্র
শীতত ৰ’দেহে পুৱাইছে
শীতত ৰ’দেহে পুৱাইছে
জঁপিয়াই বালিভোজ
খাম
আজিৰ বিহুগীত
গাম
মোৰ মন চকু
পৰিলে জুৰ
পিছে
লক্ষ্যস্থান মোৰ তেজপুৰ
আকাশী যানেৰে ..৷
লাহে লাহে
দেখিলোঁ
বাগিচা চাহৰ
বাঁহৰ লেকেচীৰ
আগত
বহি থকা
সৌন্দৰ্য্য
কপৌ হালৰ
ক’ত আছে অগ্নিৰ গড় ?
ক’ত মোৰ উষা নগৰ ?
পাওঁ যেন পাওঁ
মোৰ উষা নগৰ
মায়াবিনী
বিমানখনি
হ’ল চিত্রলেখীজনী
কঢ়িয়াই আনিছে
উষাৰ পুৰলৈ..
মই নিজেই যেন
অনিৰুদ্ধ কোঁৱৰ
মায়াৰে খুলিম মই
ৰুদ্ধ দুৱাৰ
জ্যোতি নাটকৰে
মই ৰূপহ কোঁৱৰ
জ্যোতি নাটকৰে
মই ৰূপহ কোঁৱৰ
সৌৱা কুঁৱৰী
সদ্যস্নাতা উষাই
কেশৰ মেঘালী
মেলি
মোলৈকে আছে বাট
চাই
মই উষাক কৰিমেই
চুৰ ... !
মোৰ বিমান
পালেহি তেজপুৰ
আকাশী যানেৰে
উৰণীয়া মনেৰে
পালোঁহি মোৰ
মৰমৰ তেজপুৰ ... !!
(কলকাতাৰ পৰা তেজপুৰলৈ উৰোঁতে ভূপেন হাজৰিকাদেৱে আকাশত লিখা আৰম্ভ
কৰি তেজপুৰৰ শ্রীদূৰ্গা গোস্বামীৰ ঘৰত শেষ কৰা হয়,১৯৬৩ )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment