অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মই অথাই জলধিৰ মাজলৈ


মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি...
দূৰ দূৰণিত
দুপাৰ এৰি..
খাইছোঁ হাবা..থুৰি
..ই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ... !
দূৰ দূৰণিত দুপাৰ এৰি
খাইছোঁ হাবাথুৰি
..ই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ... !
সাঁতুৰি ... !

এটি পাৰে অহঙ্কাৰ
স্বাৰ্থপৰতাৰ..
চৌদিশে প্রস্তুতি মাথোঁ
মৃত্যু অনাৰ..
অন্য পাৰৰ দিগন্ততে
অন্য পাৰৰ দিগন্ততে
কিৰণ পৰে সৰি
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ...
দূৰ দূৰণিত দুপাৰ এৰি
খাইছোঁ হাবাথুৰি
..ই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ... !
সাঁতুৰি ... !

মৰম জীৱন লহৰলীলা
শূন্যতে হয় লীন
সপোনতো নাই শঙ্কা মাথোঁ
শান্তিবিহীন ..!
মৰম জীৱন লহৰলীলা
শূন্যতে হয় লীন
সপোনতো নাই শঙ্কা মাথোঁ
শান্তিবিহীন ..!
মন-সাগৰৰ পাৰে পাৰে
সাজোঁ মথাউৰি...
আশাৰ প্রদীপ জ্বলাই কোন
পথিক আহে ঘূৰি..
চিনো ও নিচিনো দেখোঁ
চিনো ও নিচিনো দেখোঁ
পৰিলো ভাগৰি..
মই অথাই জলধিৰ
মাজলৈ আহিলোঁ সাঁতুৰি ...
দূৰ দূৰণিত দুপাৰ এৰি
খাইছোঁ হাবাথুৰি
..ই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ...... !
সাঁতুৰি ......... !

(ভূপেন হাজৰিকাদেৱে ৰচা লতা মঙ্গেচ্‌কাৰৰ কন্ঠেৰে নিগৰিত)
(কলকাতা: ৬ ছেপ্টেম্বৰ ,১৯৯০ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: