অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মোৰ গুৰুদেউ ইকথা পতিয়াব কোনে



মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ  গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব কোনে ৷

এ হৰি এ
হালোৱাই নিচিনে
হালৰ হালে গৰু
ৰান্ধনিয়ে নিচিনে চৰু..
কি কৰে ভাৰ্যাই
স্বামীকে নিচিনে
শিষ্যেই নিচিনে গুৰু
মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব কোনে ৷

এ হৰি এ
বাৰীকে গিলিলে
বাৰীৰে জিৰাতে
ঘৰকে গিলিলে দুৱাৰে !
হাতত তাঙোন লৈ
গৃহস্থ পলাই যায়
পাছে পাছে খেদে
চোৰে মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব কোনে ৷

এ হৰি এ
গোহালিক গিলিলে
হেৰামৰ কাঠে
পঁঘাই গিলিলে গৰু
হাত সাৱতি
ৰান্ধনি পলাই যায়
পাছে পাছে খেদে চৰু
মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব কোনে ৷

এ হৰি এ
বাঘৰে চাগৰে
হালখন জুৰিলো
কাঁৰশলা সাপৰে লৰো
ভালুকো বকুৰাই
আলিৰ পাহ কাঁটে
বান্দৰেও  চাৰে গৰু
মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব কোনে ৷

এ হৰি এ
সাগৰৰ মাজতে
ঘোৰাৰ খটেখটি
বজাৰত চলিলে নাওঁ
ই গীত ৰচিছে
কবিৰা ফকিৰাই
কি বুজিবা ভকতিৰ ভাওঁ
মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব
কোনে মোৰ গুৰুদেউ
ইকথা পতিয়াব কোনে ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: