কথা :
সখী হে কি ক’মে দুখৰে
কথা ,
জেৰেঙা পথাৰত গাঠি হাজৰিকাৰ চমতাৰ কোব খাই
খাই জয়মতী ভাগৰি পৰিছে ৷ কোনোবা পথিকে গাইছে দুখৰ কথা, সুৰ-বিন্যাষত
গীতটিত কিছু পশ্চিমীয়া সংগীতৰ প্রভাৱ পৰিছে .. ‘মালতীৰে এচাকি খোপাতে
পিন্ধিলোঁ’ ৷
খাই জয়মতী ভাগৰি পৰিছে ৷ কোনোবা পথিকে গাইছে দুখৰ কথা, সুৰ-বিন্যাষত
গীতটিত কিছু পশ্চিমীয়া সংগীতৰ প্রভাৱ পৰিছে .. ‘মালতীৰে এচাকি খোপাতে
পিন্ধিলোঁ’ ৷
গীত :-
সখী হে ..
কি ক’মে দুখৰে
কথা
অমৃত মথোতে
বিহ উপজিলে
মিঠা মৌ হ’লে তিতা
!
মালতীৰে এচাকি
খোপাতে পিন্ধিলোঁ
তাৰো গ’ল এপাহি
সৰি
সোণৰে সঁজাতে
পখীটি ৰাখিলোঁ
সি ও গুচি গলে উৰি !
মালতীৰে এচাকি
খোপাতে পিন্ধিলোঁ
তাৰো গ’ল এপাহি
সৰি
সোণৰে সঁজাতে
পখীটি ৰাখিলোঁ
সি ও গুচি গলে উৰি !
সা জ তে ফু..লিলে
তগৰ ফুল এপাহি
সন্ধিয়াৰে পা পাই !
সা জ তে ফু..লিলে
তগৰ ফুল এপাহি
সন্ধিয়াৰে পা পাই !
কোনেও নেদেখোঁতে
কোনেও নুশুনোতে
সিও যে লেৰেলি যায় !
কোনেও নেদেখোঁতে
কোনেও নুশুনোতে
সিও যে লেৰেলি যায় !
মালতীৰে এচাকি
খোপাতে পিন্ধিলোঁ
তাৰো গ’ল এপাহি
সৰি
সোণৰে সঁজাতে
পখীটি ৰাখিলোঁ
সি ও গুচি গলে উৰি !
সাঁজতে ফুলিলে
তগৰ ফুল এপাহি
সন্ধিয়াৰে পা পাই !
সাঁজতে ফুলিলে
তগৰ ফুল এপাহি
সন্ধিয়াৰে পা পাই !
কোনেও নেদেখোঁতে
কোনেও নুশুনোতে
সিও যে লেৰেলি যায় !
কোনেও নেদেখোঁতে
কোনেও নুশুনোতে
সিও যে লেৰেলি যায় !
মালতীৰে এচাকি
খোপাতে পিন্ধিলোঁ
তাৰো গ’ল এপাহি
সৰি !
সোণৰে সঁজাতে
পখীটি ৰাখিলোঁ
সি ও গুচি গলে উৰি !
মালতীৰে এচাকি
খোপাতে পিন্ধিলোঁ
তাৰো গ’ল এপাহি
সৰি !
সোণৰে সঁজাতে
পখীটি ৰাখিলোঁ
সি ও গুচি গলে উটি ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত
গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment