আজি আই অসমী
মিঠা দুটি ওঁঠ আৰু জিভা
কিয় ৰাঙলী তোমাৰ ?
(তাত) শাণিত অস্ত্রেৰে
অস্ত্রেৰে ঘপিয়ালে কোনে
বোৱাই শোণিত সাতোবাৰ ?
সাতোটি তেজৰ ধাৰা চিনিছোঁ
চিনিছোঁ যেন
জ্বলে তাত মুখ কাৰোবাৰ...
এটি যেন ৰঞ্জিত, আনটি
সূৰ্য্য আৰু
আনটি অনিল বৰাৰ
গোলাপ কলিটিৰ দৰে সুকোমল
মোজাম্মিল ‘ধন’ৰ দেহাৰ
তেজ সানি কোৰাণত তহঁতে
চিঞৰ কিয়
কি নাম সেইটো ভাষাৰ ?
ৰঙা ৰঙা তেজ সনা দেহা দুটি
পৰি ৰ’ল
বলিন আৰু প্রমোদ বৰাৰ,
তাৰ প্রতিবাদৰূপে
শুনিছিলোঁ অৱদ
মহন্ত বাগৰি পৰাৰ ৷
সূৰ্য্যৰ পিনে চাই সংগ্রাম
কৰিবলৈ
অসমৰো আছে অধিকাৰ
তাৰেই প্রকাশক উচ্চাত্মিকা
বুলি কৱ
লুকুৱাই নিজ-ব্যভিচাৰ !
চিন্তাৰ বাহন মোৰ মাতৃ
ভাষা ;
অস্ত্র নহয় ক্ষমতাৰ
মুখাপিন্ধা নীতিবিদ আওপাকে
নুবুজিবি
মানে নাই তোৰ বক্তৃতাৰ ৷
ভাষাৰ সমন্তবাদ পুৰণি
কলীয়া হ’ল,
কিমান আৰু কৰ হুংকাৰ !
মই বৰ ভাবেৰে কত জাল তৰিবি
মিছা সাংবাদিকতাৰ ?
শান্তিপূৰ্ণ এই অসমীয়া
জাতিটো
ভাল ভাৰতীয় উদাৰ,
আভুৱা নাভাবিবি ভুৱা
পণ্ডিত সৱ
নিজকেই চিকুট এবাৰ ৷
(ভাষা আন্দোলনৰ সময়ত,
গুৱাহাটী,১৯৭২ চন)
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment