অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মোৰ বুকুৰ জ্বালাত নয়ন উতলে


মোৰ বুকুৰ জ্বালাত নয়ন উতলে
নাবিক হিয়াত সনা লহৰ নগলে ৷৷

মেলা পাল সুৰৰে অবাক নিমাত
হয় হিয়াৰো ভুল হেৰালে যে বাট
আজি কোনে কাকনো পঢ়ালে ই পাঠ
হায় অশ্রু পেলালোঁ অকলে অকলে ৷৷

ফুৰে ভুৱা বলাকা, হ্মেঘে কব খবৰ
যদি লুকুৱা মন, শোভে কোন ঘৰ
উম সেমেকে, সাঁতুৰি লাগে ভাগৰ
কান্দে বুকুৰ আশাই অকলে অকলে ৷৷

(কথাছবি: ভাগ্য, ১৯৬৮ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: