কথা:-
ভূ:হা: বাবা তোমাৰ কি নাম ?
কণমানি ল’ৰা: ডাৱৰ হাজৰিকা ৷
ভূ:হা: তোমাৰ দেউতাৰ কি নাম ?
কণমানি ল’ৰা: চমৰ হাজৰিকা ৷
ভূ:হা: সমৰ হাজৰিকা নেকি ? .. সমৰ হাজৰিকা ৷
কণমানি ল’ৰা: সমৰ হাজৰিকা ৷
ভূ:হা: অ’
নাৰী : ভূপেন দা , ই সুমন .. মামনৰ ল’ৰা ৷
ভূ:হা: এয়া হ’ল তুহিন শৰ্ম্মা, ঋতুপৰ্নৰ ল’ৰা
আৰু এয়া হ’ল তৃন শৰ্ম্মা , ঋতুপৰ্নৰ
ছোৱালী ৷
কিবা এটা নতুন গীত গাবি ?
ভূ:হা: গানটোত নো কি আছে ?
কণমানিহঁত: আমাৰ সৰুবিলাকৰ বহুতো প্রশ্ন আছে ৷
ভূ:হা: প্রশ্ন আছে ? ! ..
গীত:-
সকলোৱে : নিজৰাপাৰত বহি
সকলোৱে মিলিজুলি
কাম আজি
পুৰণি ঘৰখন সজাম,
নিজৰাপাৰত বহি
সকলোৱে মিলিজুলি
কাম আজি
পুৰণি ঘৰখন সজাম;
ক’কাহঁতে কৈ যোৱা
জ্যোতিৰে অতি সজ কথা
ক’কাহঁতে কৈ যোৱা
জ্যোতিৰে অতি সজ কথা
পাৰো যদি সমাজৰ
কামত লগাম
পাৰো যদি সমাজৰ
কামত লগাম
নিজৰাপাৰত বহি
সকলোৱে মিলিজুলি
কাম আজি
পুৰণি ঘৰখন সজাম ৷
আছে আমাৰ বহু আশা
প্রকাশৰ হে নাই ভাষা !
আছে আমাৰ বহু আশা
প্রকাশৰ হে নাই ভাষা,
এই কথা কওঁনো কাক ?
এই কথা কওঁনো কাক ?
পুৰণি চামে কৰা ..
ভুলৰ শুধৰণিৰ
উপদেশ দিবলৈ
কোনো নাই আমাৰ
পুৰণি চামে কৰা
ভুলৰ শুধৰণিৰ..
উপদেশ দিবলৈ
কোনো নাই আমাৰ ;
নিজৰাপাৰত বহি
সকলোৱে মিলিজুলি
কাম আজি
পুৰণি ঘৰখন সজাম ৷
পুৰণি চামে বাৰু
নতুন চামৰ বাবে
ভাবিলে নে
কি প্রয়োজন
পুৰণি চামে বাৰু
নতুন চামৰ বাবে
ভাবিলে নে
কি প্রয়োজন
যেনিয়েই ঘূৰি চাওঁ
তেনিয়েই দেখা পাওঁ,
যেনিয়েই ঘূৰি চাওঁ
তেনিয়েই দেখা পাওঁ
সমাৰ যুৱকৰ
অশ্লীন জীৱন
সমাৰ যুৱকৰ
অশ্লীন জীৱন !
সৎ আৰু অসতৰ
ন্যায় আৰু অন্যায়ৰ
অৰ্থবোৰ ওলোটাহে হ’ল !
সৎ আৰু অসতৰ
ন্যায় আৰু অন্যায়ৰ
অৰ্থবোৰ ওলোটাহে হ’ল !
হে সচাঁ কথা ক’লে দেখোন
ওলোটাহে যোগ দিয়ে !
সচাঁ কথা ক’লে দেখোন
ওলোটাহে যোগ দিয়ে !
তথাপিও সৎ পথে
আগবাঢ়ি গ’ল !
নিজৰাপাৰত বহি
সকলোৱে মিলিজুলি
কাম আজি
পুৰণি ঘৰখন সজাম ৷
ক’কাহঁতে কৈ যোৱা
জ্যোতিৰে অতি সজ কথা
ক’কাহঁতে কৈ যোৱা
জ্যোতিৰে অতি সজ কথা
পাৰো যদি সমাজৰ
কামত লগাম ;
নিজৰাপাৰত বহি
সকলোৱে মিলিজুলি
কাম আজি
পুৰণি ঘৰখন সজাম ৷
জন্মসূত্রে পোৱা
গোৱা শব্দখিনি
নাই জানো নতুনচামৰ ?
মুক্ত জীৱনৰ
জ্ঞানৰ অগনি পোহৰ !
মুক্ত জীৱনৰ
দুষ্ট প্রকাশ
জ্ঞানৰ অগনি পোহৰ !
হতাশাত হেৰুৱায়
নকৰিবি নতশিৰ জীৱন যুজত !
নৈতিকতাৰ বল
হতাশাত হেৰুৱায়
নকৰিবি নতশিৰ জীৱন যুজত !
কুমলীয়া বয়সতে
গঢ় দিব পাৰিলেহে
কুমলীয়া বয়সতে
গঢ় দিব পাৰিলেহে..
জীৱন মহৎ হয়
বিশ্বৰ আগত,
জীৱন মহৎ হয়
বিশ্বৰ আগত ৷
সকলোৱে: কুমলীয়া
বয়সতে
কুমলীয়া বয়সতে
গঢ় দিব পাৰিলেহে..
জীৱন মহৎ হয়
বিশ্বৰ আগত,
জীৱন মহৎ হয়
বিশ্বৰ আগত ৷
কুমলীয়া বয়সতে
গঢ় দিব পাৰিলেহে..
জীৱন মহৎ হয়
বিশ্বৰ আগত ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু আন সদস্যসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment