অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

দূৰ দিগন্তত দেখিছোঁ ৰিণিকি


[কথা:-  মোৰ দিনান্তত সোঁৱৰণী উৰা দেখিলে মোৰ হৃদয় ৰিক্ত হয় ..
অতীতে মন দহে , মোক ৰিক্ত কৰে ...... আজি ৰিক্ত কৰে ৷ ]

দূৰ দিগন্তত
দেখিছোঁ ৰিণিকি
সোঁৱৰণী বগ উ...ৰে !

দূৰ দিগন্তত
দেখিছোঁ ৰিণিকি
সোঁৱৰণী বগ উ...ৰে !
উৰি উৰি উৰি
মোৰ দিনান্তক
আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে !
আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে !

চেনেহ সাগৰ
মথিলোঁ কতনা
ৰহণ জিলিকি পৰা !
সেই সাগৰে
ঢালি দিলে আহি
সেই সাগৰে
ঢালি দিলে আহি
মৰণ বিষৰ ধাৰা ..!
জীৱনৰে আবেলিতে
নিশাই ধাকি ধৰে !
আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে !
আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে !

দিলা নুমুৱাই
মোৰ বন্তি
জীৱন শলিতা পোৰা !
কাষতে জিলিকে
হাঁহি তোমাৰ !
ভুৱন বলিয়া কৰা !
দিলা নুমুৱাই
মোৰ বন্তি
জীৱন শলিতা পোৰা !
কাষতে জিলিকে
হাঁহি তোমাৰ !
ভুৱন বলিয়া কৰা !
অভিযোগ নাই মোৰ
অভিমান ও নাই
ঘৃণাৰে উপচি পৰা !
মোৰ অশ্রুৱে
তোমাৰ বুকুত
মোৰ অশ্রুৱে
তোমাৰ বুকুত
ধালক সুখৰ নিজৰা !
তোমাৰ ৰূপৰ ৰামধনু ৰং
ধৰাত চিটিকি পৰে..!
আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে !
হে  ৰিক্ত কৰে
মোক ৰিক্ত কৰে !
দূৰ দিগন্তত
দেখিছোঁ ৰিণিকি
সোঁৱৰণী বগ উ...ৰে.. !
উৰি উৰি উৰি
মোৰ দিনান্তক
আজি ৰিক্ত কৰে
মোক ৰিক্ত কৰে !
মোক ৰিক্ত কৰে
আজি ৰিক্ত কৰে !
মোক ৰিক্ত কৰে
আজি ৰিক্ত কৰে !

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
 [গীতটি প্রথমে গুৱাহাটী(১৯৫৪ চন)ত, পিচত নতুন ৰূপত গায় কলকাতা(৫ চেপ্টেম্বৰ ১৯৯৩ চন)]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: