অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ তই অবুজ মন


[Bhupen Hazarika's songs and Lyrics:- O Toi Obuj Mon (Assamese)]



তই অবুজ মন
চেনেহৰ বাট নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি !
তই অবুজ মন
চেনেহৰ বাট নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি
তই অবুজ মন !

          প্রেমৰ অৰ্থ দুটি মানুহ
একেটি মনৰ দুটি মানুহ ,
প্রেমৰ অৰ্থ দুটি মানুহ
একেটি মনৰ দুটি মানুহ;
দুটি মনৰ একেটি সুৰ !
এটিৰ শূন্যতা আনটোৰে পূৰ
এইষাৰ কথা পাহৰিলি !
তই অবুজ মন !

যৌৱন ফুলনিত তই ৰোৱা পুলিতে
এপাহি ফুল তই ফুলালি,
নিজেই নজনাকৈ নিজ হাতেৰে
ফুলটি পাহিবোৰ ছিঙিলি ৷

          আত্ম-অভিমান জেদ আৰু খেদ
          প্রেমৰ ৰাজ্যত শোভা নাপায়
          আত্ম-অভিমান জেদ আৰু খেদ
          প্রেমৰ ৰাজ্যত শোভা নাপায়
          দুয়ো দগ্ধ হয় আপোন দোষত
          প্রতিক্ষণে দুয়ো দুয়োকে নেপাই
          এই কথা ফঁহিয়াই নাচালি !
          তই অবুজ মন
চেনেহৰ বাট নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি ;
তই অবুজ মন ..৷৷

(কলকাতা: ১৯৯০ চন, এপ্রিল )

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: