অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আমি ভাইটি-ভন্টি

আমি ভাইটি-ভন্টি
নাই দেখোন গণতি
ইম্মান সোপা আমি আছো
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !

ডিফুৰে ভন্ টি আৰু শদিয়াৰে ভাইটি

 ডিফুৰে ভন্ টি আৰু শদিয়াৰে ভাইটি
কোকৰাঝাৰৰ ৰাভাৰ সতে লোহিতমুখৰ কণটি
ইম্মান সোপা আমি আছো
কিমান যে ফূৰ্ত্তি !

কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !
কিমান যে ফূৰ্ত্তি !


ঢং ঢং ..  ঢং শুনা ঘণ্টি 
ঢং ঢং ..  ঢং শুনা ঘণ্টি 
শেৱালি ফুলৰ ফালে
চব্বেই মাৰে দৌৰটি
এতিয়াহে মন কৰিছোঁ
হৈছে  পূজাৰ ছুট্-টী 
হৈছে  পূজাৰ ছুট্-টী 
ইমান যে ফূৰ্ত্তি !

ইমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !
ইমান যে ফূৰ্ত্তি !



কঁহুৱাৰে ওপৰেদি
উৰে হাঁহৰ জাকটি
হা্ঁহ ওখ নে, আকাশ ওখ
উৰি চোৱাচোন ভন্-টি ৷


ভূগোলৰে মেপ এখনক
ফালি পেলাওঁ যদি
খঙতে ওফন্দে দেখোন
দেৱযানী বাইটি !
ডাঙৰে দেশ ভাঙে যদি
আমি কৰিম কাম এটি
একেলগে চব্বেই  খেলিম
সজাই দেশৰ ঘৰটি 

একেলগে চব্বেই  খেলিম
সজাই দেশৰ ঘৰটি !!


(ভূপেন হাজৰিকাদেৱে গীতটি 'অকণ' কথাছবিত দিছে, ১৯৮০ চন)
(কণ্ঠ:- ড৹ ভূপেন হাজৰিকা, কৃষ্ণা বৰ্মন, মৃণালিনী & ভূপেন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: