অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

মোৰে ওৰে জীৱন কৰি জ্বলা কলা



মোৰে ওৰে জীৱন কৰি  জ্বলা কলা

কিনো ভঙ্গিমাৰে ৰূপ গৰিমাৰে

দুচকুতে এটি নাচোনেৰে !

তুমি নাচি গলা ...

মোৰে ওৰে জীৱন কৰি  জ্বলা কলা

কিনো ভঙ্গিমাৰে ৰূপ গৰিমাৰে

দুচকুতে এটি নাচোনেৰে !

তুমি নাচি গলা ...



মোৰ বুকৰে জ্বলা পোৰণিৰে

মোৰ  বুকৰে জ্বলা পোৰণিৰে

দিনতে বজ্র ৰাগিনীৰে

দিনতে বজ্র ৰাগিনীৰে

ৰিহাখনি বিজুলিৰে

ৰিহাখনি বিজুলিৰে

তুমি আহিছিলা ......!



কিনো চকুজুৰিকে ..  

চাৱনিৰে ...

কিনো চকুজুৰিকে চাৱনিৰে

হিয়া শুৱনিখনৰ কলচীৰে

হিয়া শুৱনিখনৰ কলচীৰে

মুখনি কল্পনা সুন্দৰীৰে

মুখনি কল্পনা সুন্দৰীৰে

কোন দেৱবালা ... ?

কিনো ভঙ্গিমাৰে ৰূপ গৰিমাৰে

দুচকুতে এটি নাচোনেৰে !

তুমি নাচি গলা ...

মোৰে ওৰে জীৱন কৰি  জ্বলা কলা.. ৷৷



** বুকৰে= বুকুৰে

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: