ভূ:হা: তুমি জোন নে সোণ নে শিখা ?
নাৰী: অ’.... মোৰ এটি নাম ..
যৌৱনৰ তৃষা (কথা)
ভূ:হা: তুমি জোন নে সোণ নে শিখা ?
নাৰী: অ’ মোৰ এটি নাম
যৌৱনৰ তৃষা
ভূ:হা: কথা: সাগৰৰ
পাৰ
নাৰী: গীত: অ’... সাগৰৰ পাৰে পাৰে বা..ট
ভূ:হা: গীত: নিশা.. তুমি মই বহি আছোঁ তা...ত ৷
ভূ:হা: গীত: তুমি হ’লা লাহৰী
সাগৰৰে লহৰী
নাৰী: গীত: সৌৱা চোৱাঁ আঁজলিবোৰ
কিয় হয় বাউলি ?
সমস্বৰে গীত: আমি
একে হোৱা দেখি
লহৰ লেখি লেখি
আমি একে হোৱা দেখি
লহৰ লেখি লেখি
ভূ:হা: গীত: সাগৰে হেৰুৱালে যে ভাষা
সমস্বৰে গী: অ’.. ..
নাৰী: গীত: আজি জোনাকৰে জিলমিলীয়া নিশা..
ভূ:হা: গীত: মোৰো.. বঢ়ালাঁ যে জীৱন লালসা.. ৷
নাৰী: গীত: দুচকুতে মৰমৰে আভা...স
ভূ:হা: গীত: চেনেহৰে অপৰূপ প্রকা...শ
নকৰিবা ভয় নাই সংশয়
আছে মাথোঁ মিলনৰে আশা ..
তুমি জোন নে সোণ নে শিখা ?
নাৰী: অ’.. মোৰ এটি নাম
যৌৱনৰ তৃষা.. ৷
ভূ:হা: গীত: সুগন্ধী সনা কেশ
কি মিঠা আৱেশ
নাৰী:
তোমাৰ বুকুখন
আকাশ যেন এখন
সমস্বৰে : সেই আকাশৰে গাত
বিশাল তুলাপাত
সেই আকাশৰে গাত
বিশাল তুলাপাত
ভূ:হা: গীত: প্রেমেৰে তাত ইতিহাস লিখা
ভূ:হা: অ’.. তুমি জোন নে সোণ নে শিখা ?
নাৰী: অ’ মোৰ এটি নাম ..
যৌৱনৰ তৃষা ৷৷
(কলকাতা: ১৯৭৮
চন)
(ভূপেন
হাজৰিকাদেৱ আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠেৰে নিগৰিত গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment