ভূ:হা:
নানা ৰহনীয়া
বাৰে বৰনীয়া
কৃষ্টিৰ নাই শেষ !
নানা ৰহনীয়া
বাৰে বৰনীয়া
কৃষ্টিৰ নাই শেষ
এই মোৰ অসম দেশ !
এই মোৰ অসম দেশ !
নানা.. সুৰৰে
নানা ..গীতৰে
মধুৰ সুৰ সমাৱেশ
এই মোৰ অসম দেশ !
এই মোৰ অসম দেশ !
সত্রীয়া অঙ্কীয়া
ভাওনা নামঘোষা
শঙ্কৰ মাধৱৰ
বৰগীত অমিয়া
টোকাৰী জিকিৰ আৰু
দেহ বিচাৰৰ গীত
আমাৰ মাজতে আছে
হৈ যুগমীয়া !
গোৱালপৰীয়া আৰু
কামৰূপী লোক গীত
সুৱদি সুৰীয়া !
গোৱালপৰীয়া আৰু
কামৰূপী লোক গীত
সুৱদি সুৰীয়া !
ওজাপালি আৰু
নাগাৰা নামে
আনে এক মধু(ৰ) পৰিৱেশ !
ওজাপালি আৰু
নাগাৰা নামে
আনে এক মধু(ৰ) পৰিৱেশ
এই মোৰ অসম দেশ
এই মোৰ অসম দেশ
নানা ৰহনীয়া
বাৰে বৰনীয়া
কৃষ্টিৰ নাই শেষ
এই মোৰ অসম দেশ
এই মোৰ অসম দেশ ৷
বিহুগীত হুচৰি
আৰু বনগীত
বড়ো কাৰ্বি
আৰু ঝুমুৰৰ সুৰ
মিচিং মনৰ ঐনিতম
আপোন আপোন লাগে মো..ৰ !
পু:স:
হায়ৰে চখী.. হায় ৰে হায়
হায়ৰে চখী.. হায় ৰে হায়
ভূ:হা: বিহুগীত হুচৰি
আৰু বনগীত
বড়ো কাৰবি
আৰু ঝুমুৰৰ সুৰ
এডালি সূটাৰে বন্ধা
কৃষ্টি আই আজি অসমীয়াৰ
এডালি সূটাৰে বন্ধা
কৃষ্টি আই আজি অসমীয়াৰ
আৰু বহুবোৰ লুকাই আছে
যাৰ নাই শেষ !
এই মোৰ অসম দেশ
এই মোৰ অসম দেশ
নানা ৰহনীয়া
বাৰে বৰনীয়া
কৃষ্টিৰ নাই শেষ
এই মোৰ অসম দেশ !
এই মোৰ অসম দেশ !
নানা সুৰৰে
নানা গীতৰে
মধুৰ সুৰ সমাৱেশ
এই মোৰ অসম দেশ
এই মোৰ অসম দেশ
এই মোৰ অসম দেশ
এই মোৰ অসম দেশ
প্রিয় মোৰ অসম দেশ ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
( (ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment