অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সুৰাত মগন ভয়াল ৰাতি


সুৰাত মগন ভয়াল ৰাতি
মৌন কোলহল
মই যেন ৰদৰ বিলাপ
শব্দৰ সমল ৷

সুৰাত মগন ভয়াল ৰাতি
মৌন কোলহল
মই যেন ৰদৰ বিলাপ
শব্দৰ সমল ৷

চন্দ্র তৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ হ
সূৰ্য্যমুখীয়ে সজাব কাহানি
বেথাৰ সমাধিতল
সুৰাত মগন ভয়াল ৰাতি
মৌন কোলহল
মই যেন ৰদৰ বিলাপ
শব্দৰ সমল ৷

নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা হ
মাতৃৰ চকু ঘন কুৱঁলীৰ
গহ্বৰ হৈ গ,
শগুণে সদায় সভাকে পাতে
ভাষন পৰি ৰ
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেঁকা শিং যেন হ
মই যেন এক ৰদৰ বিলাপ
শব্দৰ সমদল ৷৷

(ভূপেন হাজৰিকাদেৱে ৰচা জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত )
(কথাছবি: বৃষ্টি, ১৯৭৮ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: